আজিৰ পৰা দাম বাঢ়িল ৰিলায়েন্স Jioৰ প্ৰী-পেইড প্লেনৰ!

Jio User

আজি  ১ ডিচেম্বৰৰ পৰা কাৰ্যকৰী হৈছে ৰিলায়েন্স জিঅ'ৰ এইসমূহ নতুন প্লেন।

জিঅ'ৰ ৰিচাৰ্জ প্লেন ৭০০ টকা পৰ্যন্ত বৃদ্ধি পাইছে। জিঅ'ৰ ৱেবচাইটত দিয়া তথ্য মতে, আটাইতকৈ বেছি ৭০০ টকা বাঢ়িছে ৩,৪৯৯ টকাৰ প্লেনত। এই প্লেন এতিয়াৰ পৰা ৪,১৯৯ টকাত উপলব্ধ হ'ব। উল্লেখ্য যে, AIRTELআৰু VODAFONE, IDEAয়ো নিজৰ প্ৰীপেইড প্লেনত ২৫ শতাংশ বঢ়াইছে।

জিঅ'ৰ ৭৫ টকাৰ প্লেন ৯১ টকীয়া হ'ল। এই প্লেনত এতিয়া ১৬ টকা বৃদ্ধি পালে। প্লেন ২৮ দিনীয়া আছিল যদিও এতিয়া ভেলিডিটী ২৩ দিনলৈ হ্ৰাস কৰিছে।

জিঅ'ৰ ১২৫ টকীয়া প্লেন এতিয়া ১৫২লৈ বাঢ়িল। ১৫৫ টকাৰ প্লেন  ১৮৬ টকা হৈছে। সেইদৰে জিঅ'ৰ ১৮৫ টকীয়া পুৰণি প্লেন ২২২ টকাত এতিয়াৰে পৰা উপলব্ধ হ'ব।

ভেল্যু কেটেগৰীত জিঅ'ৰ তিনিটা প্লেন আছে। ২৮ দিনীয়া ভেলিডিটীৰ ১২৯ টকীয়া প্লেন ১৫৫ টকাত উপলব্ধ হ'ব। সেইদৰে ৮৪ দিনীয়া ৩২৯ টকীয়া প্লেন এতিয়া ৩৯৫ টকাত উপলব্ধ হ'ব।

Category
Profile picture for user UB Photos