অভিনীল কাণ্ডৰ পুনৰাবৃত্তি! মৰিয়াই মাৰিলে ছাত্ৰ সন্থাৰ শিক্ষা সম্পাদক অনিমেষ ভূঞাক

Animesh Bhuyan

সমাজৰ একাংশ লোকৰ হিসাংত্মক মানসিকতা এতিয়া উদ্বেগৰ কাৰণ হৈ পৰিছে সাধাৰণ কথাতে হাতত আইন তুলি লোৱাৰ প্ৰৱণতাই বৃদ্ধি কৰিছে অপৰাধ আজি একাংশ লোকৰ হাতত অকালতে প্ৰাণ হেৰুৱালে এজন যুৱকে

যোৰহাটৰ মাজ মজিয়াত সংঘটিত হয় এই ভয়ংকৰ গণপ্ৰহাৰৰ ঘটনা। অৰ্ধশতাধিক লোকৰ প্ৰহাৰত মৃত্যু ' গোলাঘাটৰ অনিমেষ ভূঞা নামৰ এজন যুৱকৰ। গোলাঘাটৰ ব্ৰহ্মপুত্ৰ আঞ্চলিক ছাত্ৰ সন্থাৰ শিক্ষা সম্পাদক আছিল নিহত অনিমেষ ভূঞা। 

জানিব পৰা মতেকোনো ব্যক্তিগত কামত যোৰহাটলৈ আহিছিল গোলাঘাটৰ তিনিজন যুৱক। ইয়াৰ পাছতেই নিৰ্মল চাৰিআলিৰ ট্ৰাক ষ্টেণ্ডৰ সমীপত বজাৰ কৰাৰ উদ্দেশ্যে নিজৰ বাহনখন ৰখাইছিল তিনিযুৱকে। এই সময়তে এজন লোক স্কুটীসহ তেওঁলোকৰ গাড়ীৰ ওচৰত পৰি যায়। ব্যক্তিগৰাকীক উদ্ধাৰৰ উদ্দেশ্যে যুৱক কেইজন আগবাঢ়ি যায় যদিও প্ৰায় পঞ্চাশোৰ্ধৰ লোকজনে দুৰ্ঘটনাৰ বাবে যুৱক কেইজনকে জগৰীয়া কৰে। তাৰ পাছতে ঘটনাৰ প্ৰকৃত সত্যতা নিৰূপণ নকৰাকৈয়ে একাংশ লোকে  গুৰুলাগুৰুলকৈ প্ৰহাৰ কৰে যুৱক কেইজনক। 

আক্ৰমণ কৰা যুৱক কেইজন আছিল অনিমেষ ভূঞা, প্ৰণয় দত্ত আৰু মৃদুষ্মন্ত বৰুৱাক।  

ছাত্ৰনেতাগৰাকীৰ মৃত্যুৰ বাতৰি লাভ কৰাৰ পাছতেই খকন্দগুৰিৰ বাসগৃহত সৃষ্টি হয় শোকাকুল পৰিৱেশৰ। শীঘ্ৰেই দোষীক কৰায়ত্ত কৰি উচিত শাস্তি প্ৰদান কৰাৰ দাবী তুলিছে অঞ্চলবাসীৰ লগতে বিভিন্ন দল সংগঠনে।

Category