ৰাজপথৰ ভিক্ষাৰী হোৱাৰ পৰা ৰাষ্ট্ৰপতি ভৱনত বঁটা গ্ৰহণ কৰালৈকে এক দীঘলীয়া যাত্ৰা, সকলোৰে বাবে পৰিচিত এটি নাম-মাঞ্জাম্মা জোগাথী

Manjamma Jogathi

ৰাজপথৰ পৰা ৰাষ্ট্ৰপতি ভৱনলৈ, এক দীঘলীয়া সংগ্ৰাম এগৰাকী বিশেষ ব্যক্তিৰ। লোক নৃত্যৰ জৰিয়তে ৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকিছে এগৰাকী ব্যক্তি। জীৱনৰ কঠোৰ সংগ্ৰামৰ মাজেৰে জীৱনলৈ সফলতা কঢ়িয়াই আনিলে কৰ্ণাটকৰ এগৰাকী বিশেষ ব্যক্তিয়ে। তেখেত বিশেষ হোৱাৰো আছে এক অন্যতম কাৰণ।কিয়নো কৰ্ণাটকৰ এইগৰাকী ব্যক্তিয়ে প্ৰতিনিধিত্ব কৰিছে প্ৰতিদিনে অৱহেলিত হৈ অহা তৃতীয় লিংগৰ সমাজখনক।

Manjamma Jogathi

মাঞ্জাম্মা জোগাথী। বৰ্তমান সময়ত সকলোৰে বাবে পৰিচিত এটি নাম মাঞ্জাম্মা জোগাথী। তৃতীয় লিংগৰ মাঞ্জাম্মা জোগাথীয়ে ৰাষ্ট্ৰপতিৰ পৰা লাভ কৰিলে সদ্য ঘোষিত দেশৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান ‘পদ্মশ্ৰী সন্মান’। পদ্ম সন্মান লাভ কৰা তেখেতেই হৈছে দেশৰ ভিতৰত প্ৰথম গৰাকী তৃতীয় লিংগৰ ব্যক্তি। লোক নৃত্যৰ জৰিয়তে সাংস্কৃতিক ক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে মাঞ্জাম্মা জোগাথীয়ে লাভ কৰে এই সন্মান।

Padma Shri Award

১৯৬৪ চনৰ ১৮ এপ্ৰিলত কৰ্ণাটকৰ বেল্লাৰী জিলাৰ কালুকাম্বা গাঁৱত জন্ম লাভ কৰা মাঞ্জাম্মা জোগাথীৰ পূৰ্বৰ নাম আছিল মঞ্জুনাথ চেট্টী। পুৰুষ হৈ জন্ম লাভ কৰিলেও নিজকে ছোৱালীৰ দৰে ৰাখি ভাল পোৱা মাঞ্জাম্মাই ১৫ বছৰ বয়সতে নিজকে মহিলা হিচাপে চিনাক্ত কৰিছিল। মাঞ্জাম্মাৰ পিতৃ-মাতৃয়ে তৃতীয় লিংগৰ বুলি গম পোৱাৰ পাছতে তেওঁক ‘যোগাপ্পা’ কৰিবলৈ লৈ গৈছিল মন্দিৰলৈ। তেতিয়াৰে পৰা তেখেত মঞ্জুনাথৰ পৰা হৈ পৰিছিল মাঞ্জাম্মা জোগাথী। তৃতীয় লিংগৰ হোৱা বাবেই নিজ পৰিয়ালৰ পৰা বিচ্ছিন্ন হ’ব লগীয়া হৈছিল জোগাথী।

Manjamma Jogathi award

ৰাজপথত ভিক্ষা খুজি অকলশৰীয়া জীৱন অতিবাহিত কৰা মাঞ্জাম্মা বহুবাৰ বলি হৈছিল যৌন নিৰ্যাতনৰ। অৱহেলিত, শোষিত মাঞ্জাম্মাই তথাপি হেৰুৱাই পেলোৱা নাছিল জীৱনক লৈ দেখা সপোন।

Manjamma

দুখ-দুৰ্দশা, অৱহেলাৰে জৰ্জৰিত হৈ ভাগি পৰি তেখেতে এসময়ত বাচি লৈছিল আত্মহননৰ পথ। কিন্তু পিতা-পুত্ৰৰ এহাল যুটীয়ে তেখেতক দিলে এক নতুন দিশ, জীয়াই থকাৰ প্ৰেৰণা। নৃত্যৰ যোগেদি মাঞ্জাম্মাই আৰম্ভ কৰিলে এক নতুন জীৱন। জোগাথী নৃত্যৰ মাজেৰে মাঞ্জাম্মাই মোহাৰি পেলালে পূৰ্বৰ নিষ্পেষিত জীৱন।

Manjamma Jogathi 2

জোগাথী লোকনৃত্যক জীৱনৰ লক্ষ্য হিচাপে বান্ধি লোৱা মাঞ্জাম্মা হৈছে কৰ্ণাটক জনপদ একাডেমীৰ তৃতীয় লিংগৰ প্ৰথমগৰাকী অধ্যক্ষ। এই লোকনৃত্যৰ সাধনাৰ বাবেই অৱশেষত সমগ্র দেশবাসীৰ সম্মুখত নিজৰ চিনাকী দিবলৈ সক্ষম হ’ল মাঞ্জাম্মা জোগাথী।

Manjamma

শেহতীয়াকৈ মাঞ্জাম্মাই ৰাষ্ট্ৰপতিৰ পৰা গ্ৰহণ কৰে পদ্মশ্ৰী বঁটা। জীৱনৰ আদি কাল চোৱা ৰাজপথত নাচি, ভিক্ষা খুজি, চিনাকী-অচিনাকী লোকৰ বহু ককৰ্থনা শুনি, জীৱনৰ প্ৰতি মায়া-মোহ এৰি জীৱন ত্যাগৰো চেষ্টা কৰা মাঞ্জাম্মা জোগাথী এতিয়া হৈ পৰিছে সকলোৰে বাবে আদৰ্শস্বৰূপ।

Padma Shri Manjamma

সমাজৰ অসংখ্য অৱহেলিত লোকৰ বাবে সঞ্জীৱনী-মাঞ্জাম্মা জোগাথী। অতি কষ্টেৰে জীৱনৰ কাঁইটীয়া পথ অতিক্ৰমি দেশৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান লাভ কৰিবলৈ সক্ষম হোৱা তৃতীয় লিংগৰ মাঞ্জাম্মাৰ আদৰ্শৰে অনুপ্ৰাণিত হওঁক সকলো।

 

Category
Profile picture for user UB Photos