৮৫ মিনিটৰ বাবে ৰাষ্ট্ৰপতি হৈ সফলতাৰে নিজৰ কাৰ্যকাল সম্পূৰ্ণ কৰিলে কমলা হেৰিছে

Kamala Harris

আমেৰিকাৰ ৰাষ্ট্ৰপতি হ’ল কমলা হেৰিছ। শুকুৰবাৰে, আমেৰিকা যুক্তৰাষ্ট্ৰত ৰাষ্ট্ৰপতিৰ ক্ষমতা থকা প্ৰথম গৰাকী মহিলা হিচাপে পৰিচিত হয় কমলা হেৰিছ। আমেৰিকা যুক্তৰাষ্ট্ৰৰ উপ-ৰাষ্ট্ৰপতি কমলা হেৰিছক ৰাষ্ট্ৰপতি জ’ বাইডেনে অস্থায়ীভাৱে ক্ষমতা হস্তান্তৰ কৰাৰ পিছতে আমেৰিকাৰ ৰাষ্ট্ৰপতি হয় কমলা হেৰিছ।

ৰাষ্ট্ৰপতি জ’ বাইডেনে এনাস্থেচীয়া লোৱাৰ সময়তে ১ ঘন্টা ২৫ মিনিটৰ বাবে আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতি হয় কমলা হেৰিছ।

ভাৰত মূলৰ হেৰিছে ৰেকৰ্ড ব্ৰেক কৰি প্ৰথম আমেৰিকা যুক্তৰাষ্ট্ৰৰ মহিলা, প্ৰথম কৃষ্ণাঙ্গ আৰু ৰাষ্ট্ৰপতিৰ ক্ষমতা লাভ কৰা প্ৰথম দক্ষিণ এছিয়াৰ ৰাষ্ট্ৰপতি হয়।

উল্লেখ্য যে, আমেৰিকাত ৰাষ্ট্ৰপতি অসুস্থ হ’লে উপ-ৰাষ্ট্ৰপতিয়ে গ্ৰহণ কৰে ৰাষ্ট্ৰপতিৰ দায়িত্বভাৰ।

Category
Profile picture for user UB Photos