অসুস্থ মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ ঠাকৰে

uddhav thackeray

অসুস্থ মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ ঠাকৰে। দিৰ্ঘদিনৰ পৰা ডিঙিৰ বিষত ভূগি থকা ঠাকৰেৰ বৃহস্পতিবাৰে অস্ত্ৰপ্ৰচাৰ সম্পন্ন হয়। বুধবাৰৰ নিশা মুম্বাইৰ ৰিলায়েন্স গ্ৰুপৰ হৰকিশন্দাস চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল ঠাকৰেক। মন্ত্ৰীগৰাকীক ৩ ৰ পৰা ৪ দিন পৰ্যম্ত চিকিৎসালয়ত ৰাখিব লাগিব বুলি জনাইছে চিকিৎসালয়ৰ বিশেষ সূত্ৰই।

উল্লেখ্য যে, এক বিবৃতিত ঠাকৰেই প্ৰকাশ কৰি কয় যে, যোৱা দুবছৰত কোৰোনা ভাইৰাছৰ বিৰুদ্ধে চলি থকা যুঁজৰ সময়ত তেওঁৰ কামৰ পৰা ডিঙি উঠোৱাৰ সময় নাছিল। সেয়হে তেওঁ এই ডিঙিৰ বিষৰ সমস্যাত ভুগিছে।

Category
Profile picture for user UB Photos