দুৰ্বৃত্ত নহয়, নিজ গৃহত নিজেই অগ্নিসংযোগ কৰি পলাল গৃহস্থ

man-sets-his-own-house-on-fire-in-assam

ঊষানগৰী তেজপুৰত বিধ্বংসী অগ্নিকাণ্ড। শনিবাৰে নিশা নিশাৰ আন্ধাৰ ফালি বিয়পিল জুইৰ লেলিহান শিখা। কোনো দুৰ্বৃত্ত নহয়, নিজ বাসগৃহতে অগ্নিসংযোগ কৰিলে এজন লোকে।

এই ঘটনা সংঘটিত হৈছে তেজপুৰৰ ৰঙাপুখুৰীপাৰত। নিজ গৃহতে অগ্নিসংযোগ কৰিলে ৰাজু দাস নামৰ এজন লোকে অগ্নিসংযোগ কৰিয়ে পলায়ন কৰে ৰাজু দাসে।

অগ্নিকাণ্ডৰ ফলত সম্পূৰ্ণৰূপে জাহ যায় বাসগৃহটো। অৱশ্যে, কি কাৰণত ৰাজু দাসে নিজৰ বাসগৃহত অগ্নি সংযোগ কৰিলে সেই কথাও এতিয়াও পোহৰলৈ অহা নাই।

Category
Profile picture for user UB Photos