ৰঙিয়াত ভয়ংকৰ অগ্নিকাণ্ড, কোটি কোটি টকাৰ সম্পত্তি ক্ষতিগ্ৰস্ত

Rangia Fire

বৃহস্পতিবাৰে নিশা ৰঙিয়া চহৰত ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয় যাৰফলত কোটি কোটি টকাৰ সম্পত্তি ক্ষতিগ্ৰস্ত হোৱা বুলি জানিব পৰা গৈছে।

অগ্নিকাণ্ডৰ ফলত কেইবাটাও ঘৰ আৰু ব্যৱসায়িক প্ৰতিষ্ঠান ভস্মীভূত হয়। অৱশ্যে কোনো হতাহত বা আঘাতৰ খবৰ পোৱা হোৱা নাই।

প্ৰতিবেদন অনুসৰি, মৃত্যুঞ্জয় শিৱ মন্দিৰৰ ওচৰত এই অগ্নিকাণ্ড সংঘটিত হয়।

ঘটনাস্থলীত অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী সোনকালেই উপস্থিত হয়। 

অৱশ্য়ে, অগ্নিকাণ্ডৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই।

Category
Profile picture for user UB Photos