কাবুলৰ চিকিৎসালয়ত বিস্ফোৰণ: নিহত ১৫ জন, আহত ৩৪ জন

Kabul Hospital Firing

আজি আফগানিস্তানৰ আটাইতকৈ ডাঙৰ সামৰিক চিকিৎসালয়ত সংঘটিত হোৱা বিস্ফোৰণ আৰু গুলীচালনাত অতি কমেও ১৫ জন নিহত হোৱাৰ খবৰ পোৱা গৈছে।

অভ্যন্তৰীণ মন্ত্ৰালয়ৰ মুখপাত্ৰ কাৰি ছাইদ খোষ্টিয়ে কয় যে, কেন্দ্ৰীয় কাবুলৰ ৪০০ বিচনাযুক্ত চৰ্দাৰ মহম্মদ দাউদ খান চিকিৎসালয়ৰ প্ৰৱেশদ্বাৰত এই বিস্ফোৰণ সংঘটিত হয় আৰু নিৰাপত্তা বাহিনীক অঞ্চলটোলৈ প্ৰেৰণ কৰা হয়।

তালিবানৰ এজন বিষয়াই নাম প্ৰকাশ নকৰাকৈ জনায় যে সংখ্যা এতিয়াও নিশ্চিত কৰা হোৱা নাই, যদিও এই সংখ্যা ১৫ৰ ওপৰত হব পাৰে।

বিস্ফোৰণস্থলীৰ পৰা প্ৰায় ৩ কিলোমিটাৰ দূৰত ট্ৰমা হস্পিটেল চলাই থকা ইটালীৰ সাহায্য গোট ইমাৰ্জেন্সিয়ে কয় যে এতিয়ালৈকে ৯জন আহতক অনা হৈছে।

আৱাসীসকলে শ্বেয়াৰ কৰা আলোকচিত্ৰসমূহত চহৰখনৰ ৱাজিৰ আকবৰ খান অঞ্চলৰ প্ৰাক্তন কূটনৈতিক অঞ্চলৰ ওচৰত হোৱা বিস্ফোৰণৰ এলেকাটোৰ ওপৰত ধোঁৱাৰ পৰিমাণ দেখা গৈছিল আৰু দেখা সাক্ষীসকলে কয় যে অতি কমেও দুখন হেলিকপ্টাৰ অঞ্চলটোৰ ওপৰেৰে উৰি আছিল।

কোনো সংগঠন বা গোটে এতিয়ালৈকে বিস্ফোৰণৰ দায়িত্ব স্বীকাৰ কৰা নাই। কিন্তু চৰকাৰী বাখটাৰ সংবাদ সংস্থাই সাক্ষীসকলৰ উদ্ধৃতি দি কৈছিল যে ইছলামিক ষ্টেটৰ কেইবাজনো যুঁজাৰু চিকিৎসালয়ত প্ৰৱেশ কৰিছিল আৰু সুৰক্ষা বাহিনীৰ সৈতে সংঘৰ্ষ কৰিছিল।

Category
Profile picture for user UB Photos