বিবাহ অনুষ্ঠানত গান বজোৱাৰ বাবেই গুলীয়াই হত্যা

taliban-open-fire-at-wedding-party-over-argument-for-playing-music-kill-2/

অশান্ত আফগানিস্তানত পুনৰ অঘটন। বিবাহ অনুষ্ঠানত গান বজোৱাৰ বাবেই বন্দুকধাৰীয়ে হত্যা কৰিলে তিনিজন লোকক।
পূব আফগানিস্তানৰ এখন বিবাহ অনুষ্ঠান চলি থকাৰ সময়তে প্ৰৱেশ কৰে কেইজনমান অস্ত্ৰধাৰী লোকে। নিজকে তালিবান বুলি পৰিচয় দি অস্ত্ৰধাৰী লোককেইজনে বিবাহস্থলীতে গুলীয়াই হত্যা কৰে তিনিজন লোকক।

শুকুৰবাৰে, আফগানিস্তানৰ নানগড়হাৰ প্ৰদেশৰ চামচপুৰ মাৰ ঘুন্দি গাঁৱত অনুষ্ঠিত হৈছিল এখন বিবাহ। সুকলমে চলি থকা বিবাহ অনুষ্ঠানত হঠাতে প্ৰৱেশ কৰে অস্ত্ৰধাৰী লোক। বিবাহ অনুষ্ঠানত বাজি থকা গান বন্ধ কৰিবলৈ নিৰ্দেশ দিয়ে নিজকে তালিবানী বুলি পৰিচয় দিয়া কেইজনমান লোকে। পৰৱৰ্তী সময়ত আফগানিস্তানৰ ইচলামিষ্ট মিলিটেন্ট গ্ৰুপ আৰু বিবাহলৈ অহা আলহীৰ সৈতে গান বজোৱাক কেন্দ্ৰ কৰি সৃষ্টি হয় তুমুল বিতৰ্কৰ।

নিজকে তালিবান হিচাপে পৰিচয় দিয়া অস্ত্ৰধাৰী লোককেইজনে গুলীবৰ্ষণ কৰাত মৃত্যুক সাবটি লয় তিনিজন লোকে। গুলীবৰ্ষণৰ ফলত কেইবাজনো লোক গুৰুতৰভাৱে আহত হয়।

ইতিমধ্যে, ঘটনাৰ পিছতে তিনিজন আক্ৰমণকাৰীৰ ভিতৰত দুজনক গ্ৰেপ্তাৰ কৰাৰ কথা উল্লেখ কৰে তালিবান চৰকাৰৰ মুখপাত্ৰ জবিহোল্লাহ মুজাহিদে। তেওঁ কয় যে, যদি কোনো ব্যক্তিয়ে নিজৰ ইচ্ছা অনুযায়ী কাৰোবাক হত্যা কৰে, সেয়া তালিবানী হ’লেও এক অপৰাধ। সেই অপৰাধীয়ে পৰৱৰ্তী সময়ত আদালতত আইনৰ মুখামুখি হ’ব লাগিব।

Category
Profile picture for user UB Photos