বেলতলাৰ নৃশংস হত্যাকাণ্ডৰ নতুন মোৰ! আৰক্ষীৰ হাতত আহি পৰিছে চি চি টিভিৰ ফুটেজ

Beltola Old Couple Murder

বেলতলাৰ নৃশংস হত্যাকাণ্ডৰ নতুন মোৰ। গ্ৰেপ্তাৰ হ'ল কেয়াৰটেকাৰ আকাশ চৌধুৰী।

আকাশ চৌধুৰীৰ পত্নী, দুই বন্ধুকো সোধপোচ আৰক্ষীৰ। সোধপোছ দুই বন্ধু চৈতন্যধৰ সিং আৰু পৰেশ চৌধুৰীক।

নিশা ঘৰলৈ যাবলৈ দিয়া হ’ল আকাশৰ পত্নীক। ঘটনা সন্দৰ্ভত বুদ্ধদেৱ ওৰফে বাবুল নামৰ আন এগৰাকী লোককো আটক।

আৰক্ষীৰ হাতত আহি পৰিছে চি চি টিভিৰ ফুটেজ। চি চি টিভিত বন্দী হৈছে দুই ব্যক্তিৰ দৃশ্য।

বেলতলাৰ নৃশংস হত্যাকাণ্ড তদন্ত অব্যাহত।

নিশা শোৱাপাটীতে নৃশংসভাৱে হত্যা কৰা হৈছিল বৃদ্ধ দম্পতী ননীগোপাল বৰুৱা আৰু পত্নী মীনা বৰুৱাক।

ঘৰৰ ভিতৰৰ পৰাই ভগা হৈছিল গ্ৰীল। আকাশ চৌধুৰীয়েই গ্ৰীল ভঙাৰ সন্দেহ আৰক্ষীৰ। খাদ্যৰ সৈতে নিচাজাতীয় দ্ৰৱ্য খুৱাই অচেতন কৰা হৈছিল দম্পতীক তাৰ পিছত মৰিয়াই মৰিয়াই হত্যা কৰিছিল দম্পতীহালক।

সম্পত্তিৰ বাবেই এই কাণ্ড সংঘটিত কৰা বুলি সন্দেহ কৰা হৈছে।

 

Category
Profile picture for user UB Photos