আজি বিশ্ব মানসিক স্বাস্থ্য দিৱস, মানসিকভাৱে সুস্থ-সবল হৈ থাকো আহক…

World Mental Health Day

মানসিক সুখ হৈছে প্ৰকৃত সুখ। মানসিক শান্তি বিচাৰি পোৱাজনৰ ওচৰত যি থাকে, সেয়া কাৰোৰে ওচৰত নাথাকে। টকা-পইচাৰে কিনিব নোৱাৰা এই সুখ বিচাৰি মানুহ বলীয়া।

আজি বিশ্ব মানসিক স্বাস্থ্য দিৱস। মানসিক স্বাস্থ্যৰ ওপৰত সজাগতা বৃদ্ধি কৰাৰ লগতে মানসিক ভাৱে সুস্থ থকাৰ বাবেই ১০ অক্টোবৰৰ দিনটো ‘বিশ্ব মানসিক স্বাস্থ্য দিৱস’ হিচাপে পালন কৰা হয়।

মানসিক শান্তি আৰু আভ্যন্তৰীণ সুখ যথেষ্ট জৰুৰী। মানসিকভাৱে শক্তিশালী লোকসকলে জীৱনৰ যিকোনো কঠিন পৰিস্থিতি হেলাৰঙে পাৰ কৰিব পাৰে। সুখ-দুখ মানুহৰ অনুভূতি। মানসিকভাৱে সুখী ব্যক্তিয়েও দুখ অনুভৱ কৰে। কিন্তু সেয়া আনতকৈ যথেষ্ট শক্তিশালী হয়, যিহেতু তেওঁলোকে সেই অনুভূতি গভীৰভাৱে উপলব্ধি কৰাৰ যত্ন কৰে।

বিভিন্ন সময়ত পঢ়াৰ বোজা, কেৰিয়াৰৰ চিন্তা, ঘৰুৱা অশান্তি, বন্ধুত্ব, উদ্বিগ্নতা বৃদ্ধি সম্পৰ্কীয় কথাই আমাক মানসিকভাৱে ভাৰাক্ৰান্ত কৰি তোলে। কিন্তু এই সকলো বাধা-বিঘিনি নেওচি আমি আমাৰ মানসিক স্বাস্থ্যৰ যতন লোৱাটো খুবেই প্ৰয়োজনীয়।

মানসিকভাৱে অসুস্থ হৈ থকাতকৈ জীৱনটো সুন্দৰভাৱে উদযাপন কৰো আহক। বিভিন্ন কামৰ মাজেৰে মানসিকভাৱে সুস্থ হৈ থকাৰ লগতে আনৰ লগতো এই সুখ বিলাই লোৱাটোও একপ্ৰকাৰ সামাজিক দায়িত্ব।

Category
Profile picture for user UB Photos