মডেল ৰাজকন্যাই গ্ৰহণ কৰিছিল নিষিদ্ধ ড্ৰাগছ

Model Rajkanya Baruah Drug addict

ৰাজকন্যা বৰুৱাৰ বিৰুদ্ধে পোহৰলৈ আহিছে নতুন তথ্য। মডেল ৰাজকন্যাই গ্ৰহণ কৰিছিল নিষিদ্ধ ড্ৰাগছ। আৰক্ষীৰ তদন্তত পোহৰলৈ আহিছে ড্ৰাগছ গ্ৰহণৰ তথ্য।

গ্ৰেপ্তাৰৰ পাছত নিশা দিছপুৰ থানাতে কটালে ৰাজকন্যাই। নিশা আৰক্ষীয়ে ৰাজকন্যাক চলালে মাৰাথন জেৰা। ৫গৰাকীকৈ মহিলা কনিষ্টবলৰ নিৰীক্ষণত আছিল ৰাজকন্যা বৰুৱা।

Model Rajkanya

আজি আদালতত হাজিৰ কৰোৱা হ’ব ৰাজকন্যাক।

স্বাস্থ্য পৰীক্ষাৰ বাবে পুনৰ প্ৰেৰণ কৰা হৈছে ৰাজকন্যা বৰুৱাক। উল্লেখ্য যে, আঘাটৰ অজুহাত দেখুৱাই ICUত ভৰ্তি হৈ থকা ৰাজকন্যাৰ বুধবাৰেও বিশেষ মেডিকেল বৰ্ডৰ দ্বাৰা স্বাস্থ্য পৰীক্ষা কৰোৱা হৈছিল।

ৰাজকন্যা বৰুৱাক ৭ দিনৰ বাবে আৰক্ষীয়ে জিম্মাত বিচৰাৰ সম্ভাৱনা আছে।

Category
Profile picture for user UB Photos