
শাৰদীয় দুৰ্গোৎসৱৰ মহালয়াত তেজপুৰত এক বিশেষ দুৰ্গাবন্দনা ৷
তেজপুৰৰ বামুনি পাহাৰত দশভূজাৰ অনন্য ৰূপ ৷ চন্দোময় নৃত্যৰে সৰ্বসাধাৰণলৈ শাৰদীয় শুভেচ্ছা মহিষাসুৰমৰ্দিনীৰ৷
প্ৰাচীন কীৰ্তিচিহ্নৰ ধ্বংসাৱশেষৰ খণ্ডৰে তেজপুৰৰ ঐতিহ্যক সোঁৱৰাই দিয়া বামুনিপাহাৰৰ অনন্য পৰিৱেশত দুৰ্গা বন্দনা ৷
সত্ৰীয়া শিল্পী ড° প্ৰতিভা শৰ্মাৰ তত্বাবধানত পাঁচগৰাকী নৃত্যাংগনাই দুৰ্গাবন্দনাৰে পৰিৱেশন কৰিলে এক মনোমোহা নৃত্য ৷ নৃত্যৰ চন্দে চন্দে যেন এনেদৰেই মহালয়াৰ পুৱা মৰতলৈ নামি আহিল সিংহবাহিনী দেৱী দুৰ্গা ৷
Category
- Log in to post comments