ভাৰতত ৩৬ হাজাৰ গাৱঁক মডেল ভিলেজ বনোৱা হ'ব - কেন্দ্ৰীয় মন্ত্ৰী অৰ্জুন মুণ্ডা

Arjun Munda

কেন্দ্ৰীয় মন্ত্ৰী অৰ্জুন মুণ্ডাৰ সংবাদমেল সম্বোধন।

দুদিন অসম ভ্ৰমণ কৰি বহু উৎফুল্লিত মুণ্ডা। তেওঁ কয় যে, জনজাতীয় লোকসকলে অসমত বহু কাম কৰিছে। বহু প্ৰডাক্ট জনজাতীয় লোকসকলৰ পৰা পোৱা গৈছে।

লগতে জনজাতীয় লোকৰ উন্নয়নৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে চৰকাৰে।

জনজাতীয় লোকৰ দ্বাৰা উৎপাদিত হোৱা সামগ্ৰীয়ে পাব উচিত মূল্য।

অসমত ৪০০ খন জনজাতীয় গাৱঁৰ ৩০০ গৰাকী মহিলাক লৈ গঠন কৰা হ'ব বন্ধন বিকাশ কেন্দ্ৰ।

ইয়াৰ জৰিয়তে জনজাতীয় লোক সকলে উৎপাদন কৰা ৩৫ টা সামগ্ৰী উচিত মূল্যত ক্ৰয় কৰিব চৰকাৰে।

ইয়াৰ বাবে চৰকাৰে প্ৰশিক্ষন দিব মহিলা সকলক। এই সামগ্ৰী সমূহ প্ৰদৰ্শনৰ বাবে চৰকাৰে মুকলি কৰিছে এটা ৱেবছাইট।

Arjun Munda Press Meet

সামগ্ৰী সমূহ বিক্ৰীৰ বাবে ইয়াতে হ'ব এখন মাৰ্কেট।

১৮৪ টা বন্ধন কেন্দ্ৰ নিৰ্মাণৰ পৰিকল্পনা মন্ত্ৰালয়ৰ। বৰ্তমান ১০০ তকৈ অধিকৰ কাম চলি আছে।

ভাৰতৰ যি সমূহ জনজাতীয় গৱেষণা কেন্দ্ৰ আছে তাক অত্যাধুনিক ৰূপত তথ্য ভিত্তিক কৰি তোলাৰ প্ৰকল্প হাতত লোৱা হৈছে।

জনজাতীয় লোকৰ শিক্ষাৰ উন্নয়নৰ বাবেও কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ জনজাতি পৰিক্ৰমা মন্ত্ৰালয়ৰ।

নৱোদয় বিদ্যালয়ৰ আৰ্হিত নিৰ্মাণ কৰা হ'ব কেইবাখনো বিদ্যালয়, য'ত জনজাতীয় লোকৰ ছাত্ৰ-ছাত্ৰীৰ বাবে সকলো সুবিধা থাকিব।

গেষ্ট হাউচ,খেল পথাৰৰ পৰা আৰম্ভ কৰি সকলো সুবিধা থকা বিদ্যালয় নিৰ্মাণ কৰা হ'ব।

ভাৰতৰ ৩৬ হাজাৰ গাৱঁক মডেল ভিলেজ (আদৰ্শ গাওঁ) বনোৱাৰ পৰিকল্পনা মন্ত্ৰালয়ৰ, অসমৰ ১৭শ খন গাওঁ অন্তৰ্ভুক্ত হব।

আৰু লগতে কাৰিকৰী, দক্ষতা বিকাশৰ বাবে গ্ৰহণ কৰা হ'ব বিশেষ পদক্ষেপ।

Category
Profile picture for user UB Photos