১৩ বছৰীয়া তোলনীয়া পুত্ৰৰ ওপৰত অকথ্য নিৰ্যাতন শিক্ষয়িত্ৰীৰ

A female teacher from Dibrugarh tortures her adopted 13 years old son

ডিব্ৰুগড়ত সংঘটিত হৈছে এক জঘন্য ঘটনা। এটা আভিজাত্য পৰিয়ালৰ বিৰুদ্ধে উত্থাপিত হৈছে শিশু নিৰ্যাতনৰ গোচৰ।

 বগীবিল নাহৰণি গাঁৱৰ এটি ১৩ বছৰীয়া কিশোৰৰ শৰীৰত নিৰ্মম আঘাতৰ চিন। কিশোৰটিক অমানুষিক নিৰ্যাতন চলোৱাৰ অভিযোগ  উঠিছে।

  বগীবিল মধ্য ইংৰাজী বিদ্যালয়ৰ শিক্ষয়িত্ৰী অনুৰাধা বৰুৱাই তিনি মাহৰ পুৰ্বে কিশোৰটিক তোলনীয়া পুত্ৰ হিচাপে লৈ গৈছিল নিজ গৃহলৈ। স্বামী ইন্দ্ৰজিত সন্দিকৈৰ চাকৰিসূত্ৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ আৱাসগৃহত থকা অনুৰাধা বৰুৱাই শিশুটিৰ ওপৰত প্ৰায়ে চলাইছিল অকথ্য নিৰ্যাতন। চোকা অস্ত্ৰ, লোহা, বাঁহৰ লাঠিৰে নিৰ্যাতন চলোৱাৰ অভিযোগ শিক্ষয়িত্ৰীগৰাকীৰ বিৰুদ্ধে।

আনকি কিশোৰটিক বনকৰা ল'ৰাৰ দৰে কাম কৰিবলৈ দিছিল অনুৰাধাই। কেৱল সেয়াই নহয় শিশুটিক হত্যা কৰি শৌচাগাৰৰ টেংকত ভৰাই থোৱাৰো ভাবুকি দিছিল শিক্ষয়িত্ৰীগৰাকীয়ে। দুদিন ধৰি বাথৰুমৰ ভিতৰত সোমাই থকাৰ কথাও প্ৰকাশ কৰিছে ১৩ বছৰীয়া কণমানি কিশোৰটিয়ে। বহুদিন ধৰি অকথ্য নিৰ্যাতন চলোৱাৰ পাছত কণমানি শিশুটিক বগীবিলৰ ঘৰত থৈ আহে অনুৰাধাই।

  এই ঘটনাৰ সন্দৰ্ভত পৰিয়ালৰ লোকে ইতিমধ্যে ডিব্ৰুগড়ৰ ৰজাভেটা আৰক্ষী চকীত দাখিল কৰিছে এজাহাৰ। এই এজাহাৰৰ ভিত্তিত অনুৰাধা বৰুৱাৰ বিৰুদ্ধে গোচৰ ৰুজু হৈছে বুলি জানিব পৰা গৈছে। পিছে, ভদ্ৰতাৰ মুখা পৰিধান কৰা অনুৰাধা বৰুৱাৰ বিৰুদ্ধে পুলিচ প্ৰশাসনে কি পদক্ষেপ গ্ৰহণ কৰিব, সেয়া লক্ষণীয় হ'ব।

Category
Profile picture for user UB Photos