অস্তিত্বৰ সংকটত শিলঘাট-ধিং মথাউৰি! নিৰ্বিকাৰ জলসম্পদ বিভাগ

অস্তিত্বৰ সংকটত শিলঘাট-ধিং মথাউৰি! নিৰ্বিকাৰ জলসম্পদ বিভাগ

অস্তিত্বৰ সংকটত শিলঘাট-ধিং মথাউৰি। নিৰ্বিকাৰ জলসম্পদ বিভাগ।

 ১৯৫৫ চনতে নিৰ্মিত ৯৬ কিলোমিটাৰ দৈঘ্যৰ শিলঘাট-ধিং মথাউৰি। সম্প্ৰতি ম্যাদ উকলি যোৱা এই শিলঘাট-ধিং মাথাউৰিটো এতিয়া অস্তিত্বৰ সংকটত। মাথাউৰিটোৰ বৰ্তমানৰ অবস্থাত আতংকিত হৈ পৰিছে এতিয়া অঞ্চলটোৰ ৰাইজ।

  মাথাউৰিটোত এতিয়া দেখা গৈছে প্ৰকাণ্ড প্ৰকাণ্ড গাত। বাৰিষাৰ প্ৰথমজাক বৰষুণতে মথাউৰিটোত হৈছে ৰেইনকাট। ৰেইনকাটে খহাই লৈ গৈছে মথাউৰিটোৰ কাষৰ মাটি। কাণষাৰ নাই জলসম্পদ বিভাগৰ।

 মথাউৰিটোৰ আঠটা স্থান ইতিমধ্যে স্পৰ্শকাতৰ হিচাপে চিহ্নিত কৰা হৈছে যদিও নিৰ্বিকাৰ হৈ আছে ৰাজ্যৰ জলসম্পদ বিভাগ। অঞ্চলবাসীৰ অভিযোগ, মথাউৰিটোৰ স্পৰ্শকাতৰ অংশসমূহ পুনৰ নিৰ্মাণৰ নামত চলিছে ব্যাপক লুণ্ঠন।

  মথাউৰিটো ততাতৈয়াকৈ মেৰামতি নকৰিলে ব্ৰহ্মপুত্ৰৰ উফন্দি অহা পানীয়ে মথাউৰিটো খহাই নিয়াৰ আশংকা কৰিছে স্থানীয় ৰাইজে। ইপিনে কিছুদিন পূৰ্বে সম্পূৰ্ণ কৰা মথাউৰিটো বিসংগতি পূৰ্ণভাবে নিৰ্মান কৰাৰ অভিযোগ স্থানীয় ৰাইজৰ। মাথাউৰীটো শীঘ্ৰে মেৰামতি কৰাৰ দাবী কৰিছে কলিয়াবৰৰ নৈ-পৰীয়া ৰাইজে।

Category