বহু জল্পনা কল্পনাৰ অন্তত আজি ঘোষণা হ'ল বিজেপিৰ প্ৰথমখন প্ৰাৰ্থীৰ তালিকা। এই প্ৰাৰ্থী তালিকাক লৈ ৰাজনৈতিক মহলত তীব্ৰ উৎকণ্ঠা আছিল৷ সেই উৎকণ্ঠাৰ অৱসান ঘটাই অৱশেষত প্ৰকাশ পালে বিজেপিৰ সম্পূৰ্ণ প্ৰাৰ্থী তালিকা৷ ভাৰতীয় জনতা পাৰ্টীৰ অসম প্ৰদেশে বৃহস্পতিবাৰে ৮৮ জনীয়া প্ৰাৰ্থী তালিকা প্ৰকাশ কৰিছে৷
নিউ গুৱাহাটী সমষ্টিত প্ৰাৰ্থিত্ব নাপালে ৰাজ্যিক BJPৰ প্ৰাক্তন সভাপতি সিদ্ধাৰ্থ ভট্টাচাৰ্যই। এইবাৰ নিউ গুৱাহাটী সমষ্টিত BJPএ প্ৰাৰ্থিত্ব প্ৰদান কৰিলে দিল্পুৰঞ্জন শৰ্মাক।
দিছপুৰ সমষ্টি এইবাৰ BJPৰ প্ৰাৰ্থিত্ব নাপালে বিধায়ক অতুল বৰাই। অতুল বৰাৰ পৰিৱৰ্তে BJPৰ প্ৰাৰ্থী হ’ব প্ৰদ্যুৎ বৰদলৈ।
বিহপুৰীয়া সমষ্টিত প্ৰাৰ্থিত্ব নাপালে বিধায়ক অমিয় কুমাৰ ভূঞাই। বিহপুৰীয়া সমষ্টিত প্ৰাৰ্থিত্ব প্ৰদান কৰিলে ন-বিজেপি ভূপেন কুমাৰ বৰাক।
বিশ্বনাথ সমষ্টিত প্ৰাৰ্থিত্ব নাপালে সমষ্টিটোৰ দুবাৰৰ বিধায়ক প্ৰমোদ বৰঠাকুৰে। প্ৰাৰ্থী হ’ব প্ৰাক্তন মন্ত্ৰী তথা সাংসদ পল্লৱ লোচন দাসে।
পলাশবাৰী সমষ্টি BJP প্ৰাৰ্থিত্ব নাপালে হেমাংগ ঠাকুৰীয়াই। পলাশবাৰী সমষ্টিৰ BJP প্ৰাৰ্থী হ’ব হিমাংশু শেখৰ বৈশ্য।
বোকাজান সমষ্টিতো BJPৰ প্ৰাৰ্থিত্ব নাপালে বিধানসভাৰ উপাধ্যক্ষ ডাঃ নোমল মমিনে। বোকাজান (এছটি) সমষ্টিৰ BJP প্ৰাৰ্থী হ’ব সূৰ্য ৰংফাৰ।
হাফলঙৰ BJP বিধায়িকা তথা হিমন্ত বিশ্ব কেবিনেটৰ মন্ত্ৰী নন্দিতা গাৰ্লোছাই নাপালে প্ৰাৰ্থিত্ব। হাফলং (এছটি) সমষ্টিৰ BJP প্ৰাৰ্থী হ’ব ৰূপালী লাংথাছা।
শিলচৰৰ বিধায়ক দীপায়ন চক্ৰৱৰ্তীয়েও লাভ নকৰিলে এইবাৰ BJPৰ প্ৰাৰ্থিত্ব। শিলচৰ সমষ্টিৰ পৰা BJP প্ৰাৰ্থী হ’ব প্ৰাক্তন সাংসদ ৰাজদীপ ৰয়।
হাজো সমষ্টিৰ বিধায়িকা সুমন হৰিপ্ৰিয়াই লাভ নকৰিলে BJPৰ প্ৰাৰ্থিত্ব। উল্লেখ্য যে সমষ্টিৰ পুনৰ নিৰ্ধাৰণৰ পিছে SCৰ বাবে সংৰক্ষিত হৈছে হাজো-শুৱালকুছি সমষ্টিটো।
ডিফুৰ বিধায়ক বিদ্যা ছিং ইংলেঙে লাভ নকৰিলে BJPৰ প্ৰাৰ্থিত্ব।
বিহালী সমষ্টিত প্ৰাৰ্থিত্ব নাপালে দিগন্ত ঘাটোৱালে।
হোজাইৰ বিধায়ক ৰামকৃষ্ণ ঘোষেও লাভ নকৰিলে BJPৰ প্ৰাৰ্থিত্ব।
BJPৰ বিধায়ক ফণীধৰ তালুকদাৰেও লাভ নকৰিলে
BJPৰ প্ৰাৰ্থিত্ব। ২০২১ৰ বিধানসভা নিৰ্বাচনত AIUDFৰ দলৰ প্ৰাৰ্থিত্ব লাভ কৰি ভৱানীপুৰ সমষ্টিৰ পৰা বিজয়ী হৈছিল ফণীধৰ তালুকদাৰ। কিন্তু পৰৱৰ্তী সময়ত AIUDF ত্যাগ BJPত যোগদান কৰিছিল।
হাওৰাঘাটৰ বিধায়ক দৰছিং ৰংফাৰে নাপালে টিকট, বৈথালাংছ’ৰ ৰূপছিং তেৰণে নাপালে BJPৰ প্ৰাৰ্থিত্ব।
উদাৰবন্দৰ বিধায়ক মিহিৰকান্তি সোমে নাপালে টিকট। ধলাই সমষ্টি নিহাৰৰঞ্জন দাসে নাপালে টিকট।
বিগত উপ-নিৰ্বাচনত ধলাই সমষ্টিৰ পৰা বিজয়ী হৈছিল নিহাৰৰঞ্জন দাস।
- Log in to post comments