কি কি আছে কেন্দ্ৰীয় চৰকাৰৰ আনল’ক-২ৰ গাইড লাইনত

দেশত  ভয়াৱহ ৰূপত ক'ৰোণাৰ ভাইৰাছৰ সংক্ৰমণ । তাৰ মাজতে কেন্দ্ৰীয় চৰকাৰে জাৰি কৰিছে আনল’ক-২ৰ গাইড লাইন। 
১ জুলাইৰ পৰা এই  আনল’ক-২ৰ গাইড লাইন মানি চলাৰ নিৰ্দেশ।

কি কি আছে কেন্দ্ৰীয় চৰকাৰৰ নতুন গাইড লাইনত-
অহা ৩১ জুলাই পৰ্যন্ত বন্ধ থাকিব স্কুল কলেজ।

বন্ধ থাকিব ট্ৰেইন আৰু মেট্ৰ’ সেৱা।
 সমান্তৰালকৈ  বন্ধ থাকিব আন্তৰ্জাতিক বিমান সেৱা ।
বন্ধ থাকিব চিনেমা হ'ল, জিম, চুইমিং পুল।

 নিশা ১০ বজাৰ পৰা পুৱা ৫ বজালৈ সান্ধ্য আইন জাৰি কৰা হৈছে ।

কণ্টেইনমেণ্ট জ’নত অব্যাহত থাকিব কঠোৰ ল’ক ডাউন।

বন্ধ থাকিব সকলো ধৰণৰ ৰাজনৈতিক, ধৰ্মীয়, সাংস্কৃতিক, সামাজিক, একাডেমিক, ক্ৰীড়া অনুষ্ঠান।

 আনল’ক-২ ৰ কাৰ্ফিউৰ সময়ত কেৱল জৰুৰী সেৱাহে অব্যাহত থাকিব।

Category