গো-সৰবৰাহৰ বিৰুদ্ধে আৰক্ষী যিমানেই কঠোৰ হৈছে , সিমানেই কৌশল সলনি কৰি গো-মাফিয়াই নিবিঘ্নে চলাই গৈ গো-ছিণ্ডিকেটৰ ৰমৰমীয়া বেহা। এইবাৰ ঘটনাৰ স্থান চামগুৰীৰ ভগামূৰ।
বৃহস্পতিবাৰে গৰু চুৰি লগত জড়িত ভগামুৰৰ ছাইদুল ইছলামৰ বাসগৃহত চুৰি গৰুৰ বিৰুদ্ধে অভিযান চলাবলৈ গৈছিল আৰক্ষীৰ এটা দল। পিছে , আৰক্ষী অহাৰ উমান পায় ছাইদুল ইছলাম পলায়নৰ চেষ্টা কৰিবলৈ লওঁতেই শূন্যলৈ গুলি চালনা কৰে আৰক্ষীয়ে ।
পথাৰৰ মাজৰ পৰা খেদি খেদি কৰায়ত্ত কৰে ছাইদুল ইছলামক।
সমান্তৰালকৈ ছাইদুলৰ বাসগৃহৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰে ৩ টাকৈ চোৰাং গৰু।
ইফালে ঘটনাস্থলিৰ পৰা আৰক্ষী অহাৰ পাছতেই উত্তপ্ত হৈ পৰে পৰিস্থিতি। স্থানীয় ৰাইজে ভাঙি চুৰমাৰ কৰে এখন বিলাসী বাহন। AS 12V 3728 নম্বৰৰ এই বাহনখন গৰু চুৰিৰ লগত জড়িত থকাৰ সন্দেহ ৰাইজৰ।
এতিয়া প্ৰশ্ন হয়, কাৰ ছত্ৰ-ছায়াত ৰাজ্যত এতিয়াও অব্যাহত আছে গো-ছিণ্ডিকেট! কোনে ক'ৰ পৰা নিয়ন্ত্ৰণ কৰিছে এই ছিণ্ডিকেট?
কৌশল সলনি কৰি কোনো কাক মেনেজ কৰি চলাইছে বেহা?
আৰক্ষী যিমানেই কঠোৰ নহওক কিয় চামগুৰিৰ এই ঘটনাই পুনৰ বাৰ প্ৰমাণ কৰিলে যে, ৰাজ্যত এতিয়াও সক্ৰিয় ৰূপত গো-সৰবৰাহৰ এক বৃহৎ চক্ৰ।
- Log in to post comments