সাধাৰণ খাটিখোৱা জনতাক মুনাফা আদায়ৰ বাবে APDCLৰ নতুন অংক নেকি স্মাৰ্ট মিটাৰ?

APDCL

স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে ৰাজ্যজুৰি প্ৰতিবাদ অব্যাহত থকাৰ মাজতে APDCLৰ বাবে আহিছে ভাল খবৰ। সৌসিদিনালৈকে কেলঢোপ কেলঢোপকৈ জীয়াই থকা APDCL এতিয়া হৈছে স্বাৱলম্বী, হঠাৎ বাঢ়িছে উৰ্পাজন। APDCLয়ে প্ৰকাশ কৰা অসম শক্তি বিতৰণ কোম্পানী লিমিটেডে প্ৰকাশ কৰা তথ্য অনুসৰি ২০২৩-২৪ বৰ্ষত প্ৰায় ২৮০ কোটি টকা লাভৰ মুখ দেখিছে কোম্পানীটোৱে। APDCLয়ে প্ৰকাশ কৰা ষ্টেটমেণ্ট অফ একাউণ্ট অনুসৰি ২০২৩-২৪ বৰ্ষত কোম্পানীটোৱে লাভ অৰ্জন কৰিছে ২৪,০৯৮.৫৮ লাখ।  

তথ্য অনুসৰি, ২০২৩-২৪ বৰ্ষত ঘৰুৱা বিদ্যুৎ ব্যৱহাৰকাৰী গ্ৰাহকৰ পৰা ৰাজহ সংগ্ৰহ ৩৪৬ কোটিৰো অধিক। বাণিজ্যিক গ্ৰাহকৰ পৰা ৰাজহ সংগ্ৰহ ১৩৪ কোটিৰো অধিক। ইমানেই নহয়, আপুনি শুনি আচৰিত হ’ব যে, স্মাৰ্ট মিটাৰৰ ৰিচাৰ্জ ফাইনৰ নামত চলিত বৰ্ষত অৰ্থাৎ ২০২৩-২৪ বৰ্ষত কোম্পানীটোৱে গ্ৰাহকৰ পৰা সংগ্ৰহ কৰিছে ২৩৭ কোটিৰো অধিক টকা। এই হিচাপত চাবলৈ গ’লে, বাণিজ্যিক গ্ৰাহকৰ ৰাজহতকৈ কিন্তু স্মাৰ্ট মিটাৰৰ জৰিমনাৰ পৰা সংগ্ৰহ ৰাজহৰ পৰিমাণ বেছিহে।

প্ৰশ্ন হয়, স্মাৰ্ট মিটাৰৰ জৰিয়তে গ্ৰাহকক লুণ্ঠন চলাই এতিয়া নোদোকা হৈছে নেকি APDCL? সৌসিদিনালৈকে অৰ্থাৎ ২০২৩-২৪ বৰ্ষত প্ৰায় ৮০০ কোটি টকা ঘাটি বাজেটত চলি থকা APDCL এতিয়া হঠাৎ উৰ্পাজনমুখী। 

তথ্য অনুসৰি, ২০২৩-২৪ বৰ্ষত APDCLৰ খৰচৰ পৰিমাণ আছিল ১০,৪২,৩৯৮.৪৫ লাখ। এই বৃহৎ পৰিমাণৰ খৰচ কৰাৰ পাছতো কোম্পানীটোৱে লাভ কৰিবলৈ সক্ষম হৈছে প্ৰায় ২৮০ কোটি।

এই বৃহৎ লাভৰ অন্তৰালত আছে নেকি APDCLয়ে দুখীয়া মানুহৰ টেটু চেপি ঘৰে ঘৰে স্থাপন কৰা স্মাৰ্ট মিটাৰ। আনফালে APDCLৰ আন এক সূত্ৰই প্ৰকাশ কৰা অনুসৰি ২০২৪-২৫ বৰ্ষত আৰু অধিক লাভৰ মুখ দেখিব কোম্পানীটোৱে। 


এতিয়া প্ৰশ্ন হয়, স্মাৰ্ট মিটাৰেই হ’ব নেকি APDCLৰ প্ৰধান অস্ত্ৰ? স্মাৰ্ট মিটাৰ স্থাপন কৰা পিছতেই APDCLৰ হাতলৈ এনে কি যাদুৰ দণ্ড আহিল যে এবছৰ আগলৈকে টেটুলৈকে ধাৰত পোত গৈ থকা APDCL এতিয়া হঠাৎ এই নদন-বদন।


সাধাৰণ খাটিখোৱা জনতাক ৰামটাঙোন সোধাই কেৱল মুনাফা আদায়ৰ বাবে APDCLৰ নতুন অংক নেকি স্মাৰ্ট মিটাৰ? আমি একো নকওঁ, এই উত্তৰ খাটিখোৱা জনতালৈ এৰিলো।

Category