বাইহাটা চাৰিআলিত বস্তাই বস্তাই উদ্ধাৰ বিদ্যুৎ পৰিষদৰ স্মাৰ্ট মিটাৰ। যি সময়ত ৰাজ্যজুৰি অসম ৰাজ্যিক বিদ্যুৎ পৰিষদৰ দ্বাৰা স্মাৰ্ট মিটাৰ দিয়াৰ বাবে প্ৰতিবাদমূখৰ হৈ আছে সেই সময়তে বাইহাটা চাৰিআলিত সম্পূৰ্ণ পৰিত্যক্ত অৱস্থাত বৃহৎ সংখ্যক স্মাৰ্ট মিটাৰ উদ্ধাৰ হোৱা ঘটনাই হতচকিত কৰি তুলিছে সচেতন মহলক।
বাইহাটা চাৰিআলিৰ ৰঙিয়া পথৰ এটি ডেম্পৰ ভিতৰত বস্তাত ভৰাই থোৱা অৱস্থাত উদ্ধাৰ মিটাৰসমূহ। বাইহাটা চাৰিআলি আৰক্ষী থানা আৰু অসম ৰাজ্যিক বিদ্যুৎ পৰিষদৰ বাইহাটা চাৰিআলি উপসংমণ্ডল বিষয়াই জব্দ কৰে সামগ্ৰীখিনি।
সম্পূৰ্ণ ছীল মোহৰ থকা শ শ স্মাৰ্ট মিটাৰ প্ৰকৃততে কোনে এই ডেম্পত বিক্ৰী কৰিছে সেয়া সন্দেহৰ আৱৰ্তত। বিভাগীয় নীতি নিৰ্দেশনা পৰিহাৰ কৰি এচাম বিদ্যুৎ পৰিষদৰ বিষয়াও জড়িত আছে নেকি ইয়াক লৈও উঠিছে প্ৰশ্ন।
- Log in to post comments