ধ্ৰুপদী! কি লাভ হ’ব ‘অসমীয়া’ৰ?

assamese language

ধ্ৰুপদী! অসমীয়া ভাষালৈ আহিল ধ্ৰুপদী ভাষাৰ স্বীকৃতি৷ কিন্তু ধ্ৰুপদী ভাষাৰ এই স্বীকৃতিয়ে সঁচাকৈয়ে অসমীয়া ভাষাৰ কিবা উপকাৰ সাধন কৰিবনে? 

এই প্ৰশ্নবোৰৰ উত্তৰ বিচৰাৰ আগতে আমি প্ৰথমতে জানি ল’ব লাগিব কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰা ধ্ৰুপদী ভাষা বা শাস্ত্ৰীয় ভাষা আচলতে কি৷

যিটো পুৰণি বা পুৰাতন, সেয়াই ধ্ৰুপদী৷ এয়া সকলোৱে জনা কথা৷ সেই হিচাপে যিকোনো পুৰণি ভাষা এটাকে ধ্ৰুপদী ভাষা বুলিব পাৰি৷ কিন্তু ভাৰত চৰকাৰে গ্ৰহণ কৰা ধ্ৰুপদী ভাষাৰ ধাৰণা ইমান সৰল নহয়৷ আমাৰ দেশত অনেক ভাষা-ভাষীৰ লোক আছে৷ ভাৰতীয় আৰ্য ভাষা হিচাপেই কেইবাটাও ভাষাই প্ৰাচীনত্বৰ দাবী কৰে৷ তদুপৰি দ্ৰাবিড়ীয় মূলৰ কেইবাটিও ভাষাও প্ৰাচীনত্বৰ দাবীদাৰ৷ 

এনেস্থলত কোনবোৰ ভাষাক ধ্ৰুপদী ভাষা বুলি ক’ব? এনে প্ৰেক্ষাপটতেই কেন্দ্ৰীয় চৰকাৰে কোনো এটা ভাষাক ধ্ৰুপদী ভাষাৰ মৰ্যাদা দিয়াৰ বাবে কিছুমান নিয়ম বান্ধি দিয়ে৷ দেশত পোন প্ৰথম বাৰলৈ ২০০৪ চনত তামিল ভাষাক ধ্ৰুপদী ভাষাৰ মৰ্যাদা দি কেন্দ্ৰীয় চৰকাৰে কোনো এটা ভাষাক ধ্ৰুপদী বুলি স্বীকৃতি দিয়াৰ যি বিধি বান্ধি দিছিল, সেই অনুসৰি

 ভাষাটোৰ আদিস্তৰৰ গ্ৰন্থসমূহ হাজাৰ বছৰৰ আগতে লিখা বুলি নিশ্চিত হ’ব লাগিব
 মূল্যৱান ঐতিহ্য বহন কৰা প্ৰাচীন সাহিত্য বা গ্ৰন্থৰ এক সমৃদ্ধ পৰম্পৰা থাকিব লাগিব
 ভাষাটোৰ সাহিত্য-পৰম্পৰা মৌলিক হ’ব লাগিব, অৰ্থাৎ আনৰ পৰা ধাৰ কৰা হ’ব নালাগিব

Category