
ৰাজ্যত অব্যাহত স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে প্ৰতিবাদ। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে ৰাইজ ওলা আহিছে স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে। শুকুৰবাৰে বিজুলী ভৱন কঁপালে বিৰোধী ঐক্যই। বিজুলী ভৱনৰ দুৱাৰত আৰক্ষীৰে হতাহতি বিৰোধী ঐক্যৰ নেতা–কৰ্মীৰ। ৰাইজৰ তেজ শুহি খোৱা স্মাৰ্ট মিটাৰ বন্ধৰ দাবীত প্ৰতিবাদ। স্মাৰ্ট মিটাৰক ডকাইত আখ্যা বিৰোধী নেতা–কৰ্মীৰ। ৰাজ্যৰ সাধাৰণ গ্ৰাহকৰ বাসগৃহত সংযোগ কৰা স্মাৰ্ট মিটাৰে জ্বলা–কলা খুৱাই আহিছে সাধাৰণ জনতাক।
অসম বিধানসভাত স্মাৰ্ট মিটাৰৰ প্ৰসংগ উত্থাপন হোৱাৰ পিছতো আজিলৈ নহ’ল সমস্যাৰ সমাধান। সেইবাবেই শুকুৰবাৰে বিজুলী ভৱনৰ সন্মুখত বিৰোধী ঐক্যই সাব্যস্ত কৰিলে উত্তাল প্ৰতিবাদ। কমিছনৰ অংক বাদ দিয়ক, জাতিবিৰোধী কাম এৰক, সময় থাকোতেই ৰাইজৰ অসুবিধাসমূহ বুজক। চৰকাৰলৈ আহ্বান কংগ্ৰেছ সভাপতি ভূপেন বৰাৰ।
দল–সংগঠন নহয়, স্মাৰ্ট মিটাৰৰ বিৰোধিতা কৰিছে সাধাৰণ ৰাইজে। স্মাৰ্ট মিটাৰ বহাই ডকাইতি কৰিছে ৰাজ্যৰ শক্তি বিভাগে। স্মাৰ্ট মিটাৰৰ নামত চলা লুণ্ঠন শীঘ্ৰেই বন্ধ কৰক। ঘূৰাই দিয়ক আগৰ সেই ডিজিটেল মিটাৰ। চৰকাৰলৈ আহ্বান লুৰিণজ্যোতি গগৈ।
বহিঃৰাজ্যত বাধ্যতামূলক নোহোৱা স্মাৰ্ট মিটাৰক অসমত কিয় কৰা হ’ল বাধ্যতামূলক? কাৰ স্বাৰ্থত অসমত ঘৰে ঘৰে স্মাৰ্ট মিটাৰ? চৰকাৰলৈ প্ৰশ্নবাণ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ।
শুকুৰবাৰে বিজুলী ভৱনৰ সন্মুখত অনুষ্ঠিত প্ৰতিবাদী কাৰ্যসূচীত ভাগ ল’লে কেইবা শতাধিক বিৰোধী ঐক্যৰ নেতা–কৰ্মীয়ে। প্ৰতিবাদত অংশ লৈ চৰকাৰক সমালোচনা CPI(M)ৰ বিধায়ক মনোৰঞ্জন তালুকদাৰৰ, সাংসদ অজিত ভূঞাৰ।
বিৰোধী ঐক্যৰ প্ৰতিবাদে সলনি কৰিব পাৰিবনে চৰকাৰৰ সিদ্ধান্ত? ৰাজ্যৰ সাধাৰণ জনতাৰ ঘৰৰ পৰা আঁতৰিবনে স্মাৰ্ট মিটাৰ? সেয়া এই মূহূৰ্তৰ ডাঙৰ প্ৰশ্ন।
- Log in to post comments