ৰাজ্যৰ কেইবাখনো ঠাইত ড্ৰাই ডে’ ঘোষণা! ক'ত ক'ত ড্ৰাই ডে’ ঘোষণা কৰা হৈছে?.......

dry day

দেশত দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে ড্ৰাই ডে’ ঘোষণা কৰা হৈছে। নিৰ্বাচন আয়োগে জাৰি কৰা অনুসৰি বুধবাৰৰ সন্ধিয়া ৫-০০ বজাৰ পৰা ২৬ এপ্ৰিলৰ সন্ধিয়ালৈকে ড্ৰাই ডে’ ঘোষণা কৰা হৈছে।

অৱশ্যে, সমগ্ৰ ৰাজ্যৰ বাবে এই নিৰ্দেশনা জাৰি কৰা হোৱা নাই। দৰং-ওদালগুৰি, ডিফু, কৰিমগঞ্জ, শিলচৰ আৰু নগাঁৱতহে প্ৰযোজ্য হ’ব নিৰ্দেশনা। কিয়নো এইকেইটা অঞ্চলতহে দেশৰ সাধাৰণ নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হ'ব। 

আজি সন্ধিয়া ৫-০০বজাৰ পৰা ২৬ এপ্ৰিলৰ সন্ধিয়া পৰ্যন্ত দৰং-ওদালগুৰি, ডিফু, কৰিমগঞ্জ, শিলচৰ আৰু নগাঁৱত ড্ৰাই ডে’ প্ৰযোজ্য হ’ব বুলি আয়োগে নিৰ্দেশনাত উল্লেখ কৰে।

Category
Profile picture for user UB Photos