৭.৪ প্ৰাবল্যৰ ভূমিকম্পই জোকাৰি গ'ল টাইৱান! ভূমিকম্পৰ পিছত ছুনামিৰ আশংকা........

taiwan

তিনি দশকৰ সৰ্ববৃহৎ ভূমিকম্প টাইৱানত,বুধবাৰে পুৱাৰ ভাগত কঁপি উঠিল টাইৱানৰ এটা অংশ। ৭.৪ প্ৰাবল্যৰ এক ভূমিকম্পই জোকাৰি গ'ল পূৱ এছিয়াৰ ক্ষুদ্ৰ ৰাষ্ট্ৰ টাইৱান। ভূমিকম্পৰ উৎপত্তিস্থল টাইৱানৰ দক্ষিণ হুৱালিয়েন চিটিৰ পৰা ১৮ কিলোমিটাৰ দূৰৰ ভূগৰ্ভৰ ৩৪.৮ কিলোমিটাৰ গভীৰত। 

প্ৰচণ্ড ভূমিকম্পৰ ফলত বহু অঞ্চলত বিস্তৰ ক্ষতি-সাধন হোৱা বুলি জানিব পৰা গৈছে লগতে সামাধিক মাধ্যমত ভূমিকম্পৰ বিভিন্ন ভিডিঅ' ভাইৰেল হৈ পৰিছে।

ভিডিঅ' সমূহত দেখা গৈছে যে, প্ৰচণ্ড ভূমিকম্পৰ ফলত কেইবাটাও বহুমহলীয়া অট্টালিকা এটা দিশলৈ হেলনীয়া হৈ পৰিছে। কোনো লোক হতাহতৰ খবৰ বৰ্তমান লৈ আহি পোৱা নাই। কিন্তু পৰিস্থিতিলৈ লক্ষ্য ৰাখি বহু লোক হতাহতি হোৱাৰ অনুমান কৰা হৈছে।

ইফালে, জাপানৰ তৰফৰ পৰা ছুনামীৰ সতৰ্কতা জাৰি কৰা হৈছে। আমেৰিকাৰ ভূতাত্ত্বিক জৰীপ (USGS)ৰ তথ্য অনুসৰি বুধবাৰে স্থানীয় সময় অনুসৰি পুৱা প্ৰায় ৮ বজাত টাইৱানৰ ৰাজধানী টাইপেই আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলসমূহ প্ৰচণ্ড ভূমিকম্পই জোকাৰি যায়।

Category