কাইলৈ মহাশিৱৰাত্ৰি! কিমান সময়ত পূজা আৰম্ভ হ'ব আৰু কেতিয়া শেষ হ'ব, পূজা কৰাৰ শুভ মুহূৰ্ত কেতিয়া?.........

shiv

কাইলৈ মহাশিৱৰাত্ৰি! প্ৰত্যেক বছৰে ফাগুন মাহৰ কৃষ্ণা চতুৰ্দশী তিথিত মহাশিৱৰাত্ৰি পূজা কৰা হয়। মহা শিৱৰাত্ৰি পূজা মা পাৰ্বতী আৰু ভগৱান মহাদেৱক আৰাধনা কৰাৰ আটাইতকৈ ডাঙৰ পৰ্ব। ভগৱান শিৱ আৰু মা পাৰ্বতীৰ বিবাহ হৈছিল এই তিথিত। 

উল্লেখ্য যে, মহ শিৱৰাত্ৰিত ভক্ত সকলে উপবাস কৰে আৰু শিৱ-পাৰ্বতীৰ আৰাধনা কৰে। পৰম ভক্ত সকলে গোটেই নিশা সাৰে থাকি শিৱ লিংগৰ অভিষেক কৰে। এই দিনটোত বিপদমুক্তিৰ বাবে, সংসাৰৰ কল্যাণ সাধনৰ বাবে, মনোকামনা পূৰণৰ বাবে শিৱৰাত্ৰিৰ ব্ৰত পালন কৰে ভক্তসকলে।

কাইলৈ ৮ মাৰ্চ ২৪ ফাগুন শুকুৰবাৰে নিশা ৯ বাজি ৫৭ মিনিটত আৰম্ভ হ'ব কৃষ্ণা চতুৰ্দশী তিথি আৰু ৯ মাৰ্চৰ সন্ধিয়া ৬ বাজি ১৭ মিনিটত শেষ হ'ব। মহাশিৱৰাত্ৰি পূজাৰ শুভ মুহূৰ্ত পৰিছে ৮ মাৰ্চৰ নিশা ১২.৭ বজাৰ পৰা মধ্যনিশা অৰ্থাৎ ১২.৫৬ বজালৈ। এই দিনটোত পুৱাৰে পৰা সৰ্বাৰ্থ সিদ্ধি যোগ সৃষ্টি হ’ব। ৮ মাৰ্চৰ পুৱা ৬.৪৫ বজাৰ পৰা ১০.৪১ বজালৈ সৰ্বাৰ্থ সিদ্ধি যোগ থাকিব। 

ইয়াৰ উপৰি, ৮ মাৰ্চৰ পুৱতিনিশা ৪.৪৫ বজাৰ পৰা ৯ মাৰ্চৰ পুৱা ১২.৪৫ বজালৈ শিৱ যোগ থাকিব। মহাশিৱৰাত্ৰিত চাৰি প্ৰহৰ পূজাৰ শুভ মুহূৰ্ত জনাইছে জ্যোতিষীয়ে। নিশা প্ৰথম প্ৰহৰৰ পূজাৰ শুভ মুহূৰ্ত সন্ধিয়া ৬.২৫ বজাৰ পৰা নিশা ৯.২৮ বজালৈ। নিশা ৯.২৮ বজাৰ পৰা ৯ মাৰ্চৰ নিশা ১২.৩১ বজালৈ দ্বিতীয় প্ৰহৰৰ পূজাৰ শুভ মুহূৰ্ত।

মহাশিৱৰাত্ৰিৰ নিশা তৃতীয় প্ৰহৰৰ পূজাৰ শুভ মুহূৰ্ত ৯ মাৰ্চৰ নিশা ১২.৩১ বজাৰ পৰা ৩.৩৪ বজালৈ। চতুৰ্থ প্ৰহৰৰ পূজাৰ শুভ মুহূৰ্ত ৩.৩৪ বজাৰ পৰা ৬.৩৭ বজালৈ। এই মহা শিৱৰাত্ৰি তিথিত মাংগলিক কৰ্ম কৰিলে শুভ হয় বুলি বিশ্বাস আছে।

Category
Profile picture for user UB Photos