চাহ বাগানত পুনৰ উচ্ছেদ! অইল ইণ্ডিয়া লিমিটেডৰ বিৰুদ্ধে সৰৱ আটছা.......

Eviction

ডুমডুমাত পুনৰ চাহ বাগিচা উচ্ছেদৰ প্ৰস্তুতি। অইল ইণ্ডিয়া লিমিটেডৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে আটছা। যিকোনো পৰিস্থিতিত উচ্ছেদ বন্ধ কৰাৰ হুংকাৰ দিছে আটছাই। হিলিখা বাগানত উচ্ছেদ চলোৱাৰ প্ৰস্তুতি অইলৰ। পূৰ্বেও উচ্ছেদ চলোৱাৰ চেষ্টা চলাইছিল অইল কৰ্তৃপক্ষই।

উল্লেখযোগ্য যে, ২০২৩ বৰ্ষত দিঘলতৰং চাহ বাগিচাত তেল পাইপ লাইন স্থাপন কৰাৰ উদ্দেশ্যে বিশাল আৰক্ষী বাহিনীলৈ চাহ বাগিচা উচ্ছেদ কৰিবলৈ আহি আটছা আৰু বাগিচাখনৰ শ্ৰমিকৰ তীব্ৰ প্ৰতিৰোধৰ সন্মুখীন হৈছিল অইল ইণ্ডিয়াই। 

ইয়াৰ পৰৱৰ্তী সময়ত আটছা সৈতে হোৱা আলোচনাত বাগিচা উচ্ছেদৰ পৰা বিৰত থকাৰ প্ৰতিশ্ৰুতি দিছিল অইল ইণ্ডিয়াই; কিন্তু শেহতীয়াকৈ হিলিখা চাহ বাগিচাত উচ্ছেদ অভিযানৰ পৰিকল্পনা কৰা সন্দৰ্ভত জানিবলৈ পাই আটছাই চৰকাৰ আৰু অইল ইণ্ডিয়াক তীব্ৰ সমালোচনা কৰাৰ লগতে অইল ইণ্ডিয়াক প্ৰতিহত কৰিবলৈ সকলো প্ৰকাৰৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি হুমকি দিয়ে আটছা ডুমডুমা শাখাৰ সম্পাদক যগ্যেশ্বৰ নন্দই। 

Category
Profile picture for user UB Photos