আজি মে-ডাম-মে ফি! আহোম সম্প্ৰদায়ৰ উপৰিপুৰুষ পুলিন পুথাওসকলক স্মৰণ কৰা পৱিত্ৰ দিন............

medam me phi

আজি মে-ডাম-মে ফি । আহোম সম্প্ৰদায়ৰ উপৰিপুৰুষ পুলিন পুথাওসকলক স্মৰণ কৰা পৱিত্ৰ দিন। বীৰ জাতি আহোমসকলে আজিৰ দিনটোতেই দেশ জাতি, স্বজাতি কুশলে থাকিবলৈ তেঁওলোকৰ উপৰিপুৰুষৰ লগতে প্ৰকৃতিৰ শক্তি ডামসকল, সৃষ্টিকৰ্তা, সৌৰজগত, নদ-নদী,পাহাৰ–ভৈয়াম, বিদ্যাৰ আধিকাৰিকে ধৰি ন জন অধিৰ্কতালৈ অৰ্পন আগবঢ়াই স্মৰণ কৰে । 

লগতে অপশক্তি ৰাখিন বাখিন আঁতৰিবলৈ অৰ্পন কৰা হয় বিভিন্ন নৈবদ্যৰ লগতে পৰম্পৰাগত পনীয় লোকলাও। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে আমগুৰিৰ চামগুৰি ৰঘূতলতো টাই আহোম ছাত্ৰ সন্থা ,টাই আহোম যুৱপৰিষদ অৰু চামগুৰি ফূৰালুং সংঘৰ  উদ্যোগত আঞ্চলটোৰ আহোম সম্প্ৰদায়ৰ ৰইজে পালন কৰিছে মে-ডাম-মে ফি।

আহোমসকলৰ ধৰ্মীয় নিয়ম অনুসৰি পালন কৰি অহা সামাজিক তথা পৰম্পৰাগতা উৎসৱ মে-ডাম-মে-ফিৰ কামপুৰত বিস্তৃত কাৰ্যসূচী। বৃহত্তৰ কামপুৰ আহোম সমাজে অয়োজন কৰা মে -ডাম -মে ফীৰ কাৰ্যসূচীৰ বুধবাৰৰ নিশা বন্তি প্ৰজ্বলনৰে আৰম্ভ কৰে কামপুৰ পৌৰসভাৰ ২ নং ৱাৰ্ডৰ সদস্য মালবিকা বৰাই। 

ইয়াৰ পিছতে বিভিন্ন মাংগলিক কাৰ্যসূচীৰে আৰম্ভ হোৱাৰ পিছত আজি বিস্তৃত কাৰ্যসূচীৰে মে-ডাম -মে-ফী উদযাপন কৰা হ’ব। এই উপলক্ষে আজি পুৱা সাংস্কৃতিক শোভাযাত্ৰা আৰু বিয়লিলৈ এখন মুকলি সভাৰো আয়োজন কৰিছে পৰিচালনা সমিতিয়ে। 

Category
Profile picture for user UB Photos