হাইস্কুল শিক্ষান্ত পৰীক্ষাত গুৰুত্বপূৰ্ণ সাল সলনি ছেবাৰ। প্ৰথমবাৰৰ বাবে মেট্ৰিক পৰীক্ষাত OMR শ্বীটৰ ব্যৱহাৰ। গণিত-ইংৰাজী-সাধাৰণ বিজ্ঞান-সমাজ-বিজ্ঞান বিষয়ত থাকিব OMR শ্বীট। পৰীক্ষাৰ্থীৰ বাবে ছেবাৰ এই নতুন নিয়মাৱলী।
উল্লেখ্য যে, OMR শ্বীটত সন্নিৱিষ্ট থাকিব ১ নম্বৰৰ ৪৫টা প্ৰশ্ন। পৃথক এখন বহীত পৰীক্ষাৰ্থীয়ে লিখিব লাগিব ৪৫ নম্বৰৰ দীঘলীয়া প্ৰশ্নৰ উত্তৰ। অৰ্থাৎ পৰীক্ষাৰ্থীয়ে লাভ কৰিব ৪৫ নম্বৰৰ দুখনকৈ প্ৰশ্নকাকত। বিষয়সমূহৰ ব্যৱহাৰিক পৰীক্ষাত থাকিব ১০ নম্বৰ। OMR শ্বীটত ব্যৱহাৰৰ ক্ষেত্ৰত থাকিব কেতবোৰ নিৰ্দিষ্ট নিয়ম। পৰীক্ষাৰ্থীয়ে ব্যৱহাৰ কৰিব লাগিব ক’লা-নীলা ৰঙৰ চিয়াঁহী।
অহা ১৬ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু অন্ত পৰিব ৪ মাৰ্চত। আনহাতে, ব্যৱহাৰিক পৰীক্ষাসমূহ ২ আৰু ৩ ফেব্ৰুৱাৰীত অনুষ্ঠিত কৰা হ’ব। ছেবাই অন্তিমবাৰৰ বাবে অনুষ্ঠিত কৰিব মেট্ৰিক।
- Log in to post comments