অসমৰ ৰাজনীতিত বৃহৎ খলকনি! গেৰুৱা বসন পিন্ধাৰ দিশে কংগ্ৰেছৰ ২ নেত্ৰী..........

politics

সমাগত লোকসভা নিৰ্বাচন। নিৰ্বাচনৰ প্ৰাকক্ষণত অসমৰ ৰাজনীতিত এক বৃহৎ খলকনিৰ সৃষ্টি হৈছে। কংগ্ৰেছ ত্যাগ কৰি গেৰুৱা বসন পৰিধান কৰিব নেকি কংগ্ৰেছৰ দুই নেত্ৰী বিস্মিতা গগৈ আৰু অংকিতা দত্তয়ে। এই বিষয়টোক লৈ এতিয়া ৰাজনৈতিক মহলাত বৃহৎ খলকনিৰ সৃষ্টি হৈছে।

উল্লেখ্য যে, খুমটাইৰ কংগ্ৰেছৰ বিধায়িকা আছিল বিস্মিতা গগৈ আৰু যুৱ কংগ্ৰেছৰ প্ৰাক্তন সভানেত্ৰী আছিল অংকিতা দত্ত। প্ৰাক্তন মন্ত্ৰীগৰাকীৰ লগতে যুৱ কংগ্ৰেছৰ প্ৰাক্তন সভানেত্ৰী গৰাকীয়ে আনুষ্ঠানিকভাৱে কংগ্ৰেছ ত্যাগ কৰাৰ খবৰ ইতিমধ্যে বিয়পি পৰিছে। 

এক গোপন সূত্ৰই দাবী কৰা অনুসৰি, কংগ্ৰেছ ত্যাগ কৰি দুই কংগ্ৰেছ নেত্ৰীয়ে সম্ভৱতঃ বিজেপি দলত যোগদান কৰিবলৈ সাজু হৈছে। কিন্তু এই সন্দৰ্ভত কোনো স্পষ্টিকৰণ দিয়া নাই কংগ্ৰেছ নেত্ৰী দুগৰাকীয়ে।

আনহাতে, আন কেইবাগৰাকীও কংগ্ৰেছ নেতাই গেৰুৱা বসন পিন্ধাৰ সম্ভাৱনা পোৱা হৈছে। ৰাহুল গান্ধীৰ ন্যায় যাত্ৰাৰ পিছতে কংগ্ৰেছত ধুমুহাৰ সৃষ্টি হৈছে।

উল্লেখযোগ্য যে, অহা ২৮ জানুৱাৰীত বিজেপি দলৰ যোগদান কাৰ্যসূচী অনুষ্ঠিত হ’ব। এই সময়ছোৱাত সদৌ অসম ছাত্ৰ সন্থা ত্যাগ কৰা কেইবাগৰাকীও ছাত্ৰ নেতাই যোগদান কৰাৰ সম্ভাৱনা আছে। 

এক সূত্ৰ অনুসৰি, সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি দীপাংক কুমাৰ নাথ আৰু প্ৰাক্তন আছু নেতা প্ৰকাশ দাসৰ লগতে আন কেইবাজনো আছু নেতাই বিজেপিত যোগদান কৰিব। এই সময়ছোৱাতে দুয়োগৰাকী কংগ্ৰেছী নেত্ৰীয়ে বিজেপিত যোগদান কৰাৰ পূৰ্ণ সম্ভাৱনা আছে।

Category
Profile picture for user UB Photos