বিদ্যুৎ বিভাগৰ নাভূত-নাশ্ৰুত কাণ্ড! বিদ্যুতৰ বিল পৰিশোধ কৰিব নোৱাৰাৰ বাবে ঘৰৰ পৰা উঠাই নিলে ফ্ৰীজ, ফেন আদি ইলেক্ট্ৰিকেল সামগ্ৰী.....

APDCL

বিদ্যুতৰ বিল পৰিশোধ নকৰা লোকৰ ঘৰৰ পৰা উঠাই আনিলে ফ্ৰীজ, ফেন। বিদ্যুৎ বিল আদায়ৰ নামত বিদ্যুৎ বিভাগৰ কেকোঁৰা চেপা। এই নাভূত-নাশ্ৰুত কাণ্ডটো সংঘটিত হৈছে লখিমপুৰৰ নাওবৈচাত।

উল্লেখ্য যে, নাওবৈচাত আশ্বৰ্য্যজনকভাৱে বিদ্যুৎ বিভাগে এজন লোকৰ অনাদয় বিল আদায় দিবলৈ আন এজন লোকক দিছে হেচা।  গোচৰ দিবলৈ বাধ্য কৰাইছে এজন গ্ৰাহকে আন এজন গ্ৰাহকৰ বিৰুদ্ধে। এই ঘটনাত জব্দ কৰা হৈছে ফ্ৰীজ, ফেন আদি সামগ্ৰী।

apdcl

এই ঘটনা নাওবৈচাৰ ইছলামপুৰ বেচাপট্টিৰ। অঞ্চলটোৰ মনৰুদ্দিন নামৰ এজন লোকে বিদ্যুৎ বিভাগক আদায় দিবলৈ আছিল প্ৰায় ২৭ হাজাৰ টকা। বিল আদায় নিদিয়াকৈ ঘৰে-মাটিয়ে বিক্ৰী কৰিলে আকবৰ আলি নামৰ আন এজন লোকক।

adpcl

কিন্তু বিদ্যুৎ বিভাগে মনৰুদ্দিনৰ বিৰুদ্ধে ব্যৱস্থা লোৱাৰ পৰিৱৰ্তে আকবৰ আলিক জৰিমনা বিহিবলৈ দিছে হেচা। আনকি সেই ঘৰৰ পৰা আকবৰৰ ফ্ৰীজ, ফেন আদি উঠাই লৈ আনে বিভাগে। বিদ্যুৎ বিভাগৰ এনে কাৰ্য্যই নাওবৈচাত সৃষ্টি কৰিছে তীব্ৰ প্ৰতিক্ৰিয়াৰ।

Category
Profile picture for user UB Photos