এতিয়া সকলোৰে মাজত এটাই প্ৰশ্ন সঁচাকৈয়ে বিশ্বব্ৰহ্মাণ্ডত আছে নেকি এলিয়েনৰ অস্তিত্ব? পৃথিৱীৰ বাহিৰে অন্য গ্ৰহতো জীৱই বাস কৰে নেকি? বৰ্তমানেও এই প্ৰশ্নৰ উত্তৰৰ সন্ধানত বিজ্ঞানীসকলে গৱেষণা অব্যাহত ৰাখিছে। অৱশ্যে এনেবোৰ প্ৰশ্নৰ ৰহস্যৰ মাজতে বহুতেই এলিয়েন দেখা বুলি বাৰে বাৰে কৰি আহিছে দাবী।
এইবাৰ বিশ্বৰ এটা প্ৰান্তত প্ৰদৰ্শন কৰা হ’ল দুটাকৈ ‘এলিয়েনৰ মৃতদেহ’। প্ৰথমবাৰৰ বাবে বিশ্বৰ সমুখত ‘এলিয়েনৰ মৃতদেহ’ তুলি ধৰি এলিয়েনৰ অৱস্থিতিক পুনৰবাৰ দাবী কৰিলে মেক্সিকান বিজ্ঞানীয়ে।
উল্লেখ্য যে, মঙলবাৰে মেক্সিকান সংসদত বিজ্ঞানীসকলে প্ৰদৰ্শন কৰে দুটাকৈ ‘এলিয়েনৰ মৃতদেহ’। এই দুয়োটা ‘এলিয়েনৰ মৃতদেহ’ ১০০০ বছৰতকৈও অধিক পুৰণি বুলি দাবী কৰিছে মেক্সিকোৱে। মেক্সিকোৰ এই দাবীয়ে এতিয়া এলিয়েনৰ অৱস্থিতিৰ সন্দৰ্ভত বিশ্বত নতুন বিতৰ্ক সৃষ্টি কৰিছে। বিজ্ঞানীসকলে দাবী কৰা অনুসৰি পেৰুৰ কুজকোৰ পৰা উদ্ধাৰ কৰা হৈছে এই দুটা ‘এলিয়েনৰ মৃতদেহ’। মেক্সিকান সংসদত আনুষ্ঠানিক কাৰ্যসূচীৰ সময়ত বিজ্ঞানীসকলে ‘এলিয়েনৰ মৃতদেহ’ বিশ্ববাসীৰ সন্মুখত দাঙি ধৰে।
বিজ্ঞানীসকলৰ দাবী অনুসৰি, ২০১৭ চনত পেৰুৰ কুজকোৰ পৰা এই দুয়োটা মৃতদেহ উদ্ধাৰ কৰা হৈছিল। এই দুয়োটা মৃতদেহ প্ৰায় ৭০০ বছৰ আৰু ১৮০০ বছৰ পুৰণি। দুয়োটা এলিয়েনৰ হাতত তিনিটা আঙুলি আৰু দীঘল মূৰ আছিল। মেক্সিকান ইউফ’লজিষ্ট জেইম ম’ছনে অমানৱৰ অৱশিষ্টক ‘এলিয়েনৰ মৃতদেহ’ বুলি অভিহিত কৰিছে।
উল্লেখ্য যে, জেইম ম’ছনে দশক দশক ধৰি এনে ঘটনাৰ ওপৰত কাম কৰি আহিছে। এলিয়েনৰ ওপৰত তেওঁৰ গৱেষণা যথেষ্ট দীঘলীয়া। মেক্সিকান সংসদত ‘এলিয়েনৰ মৃতদেহ’ উপস্থাপনৰ এই ভিডিঅ’ ইতিমধ্যেই সমগ্ৰ বিশ্বজুৰি ভাইৰেল হৈ পৰিছে।
আনহাতে, মেক্সিকান সংসদত ‘এলিয়েনৰ মৃতদেহ’ প্ৰদৰ্শনৰ সময়ত উপস্থিত আছিল আমেৰিকাৰ নিৰাপদ মহাকাশৰ কাৰ্যবাহী সঞ্চালক তথা আমেৰিকাৰ নৌসেনাৰ প্ৰাক্তন পাইলট ৰাচান গ্ৰেভছো। এই ঘটনাক তেওঁ আচৰিত বুলি কোৱাৰ লগতে বিজ্ঞানীসকলে ইয়াক UFO ধ্বংসাৱশেষৰ পৰা উদ্ধাৰ কৰা হৈছে বুলিও দাবী কৰিছে।
- Log in to post comments