কিমান অসহিষ্ণু? বিৰিয়ানীৰ সৈতে আৰু অলপ ৰায়টা বিচৰাই কাল হ'ল এজন যুৱকৰ বাবে! হোটেল কৰ্মচাৰীয়ে মৰিয়াই মৰিয়াই কাঢ়িলে প্ৰাণ........

biriyani

কিমান অসহিষ্ণু হৈ পৰিছে বৰ্তমান যুগৰ মানুহবোৰ! বিৰিয়ানীৰ সৈতে অলপ অধিক পৰিমাণে ৰাইটা বিচৰাৰ বাবে যুৱকক হত্যা। সঁচাকৈয়ে পুনৰ এক নাৰকীয় কাণ্ড সংঘটিত হৈছে হায়দৰাবাদত। হায়দৰাবাদৰ পুঞ্জাগুট্টাত দেওবাৰে নিশাৰ ভাগত সংঘটিত হৈছিল এই ঘটনাটো।

বিৰিয়ানীৰ সৈতে অলপ অধিক পৰিমাণে ৰায়টা বিচৰাৰ বাবেও কোবাই কোবাই মাৰি পেলোৱা হ'ল এজন যুৱকক। হায়দৰাবাদৰ চন্দ্ৰলোক অঞ্চলৰ বাসিন্দা লিয়াকতে দেওবাৰৰ দিনটো পৰিয়ালৰ সৈতে সুন্দৰকৈ কটাই সেই নিশা তেওঁলোকে নিশাৰ আহাৰ ঘৰত ৰান্ধি নাখায়, বাহিৰৰ পৰা কিনি আনিব বুলি থিৰাং কৰিছিল। অৱশেষত পৰিয়ালৰ আটায়ে আলোচনা কৰি ঠিক কৰিলে যে তেওঁলোকে বিৰিয়ানী খাব।

biriyani

আমি সকলোৱে জানো যে, হায়দৰাবাদৰ বাসিন্দাৰ খাদ্যৰ তালিকাৰ প্ৰথম পচন্দই হ’ল বিৰিয়ানী। লিয়াকতৰ পৰিয়ালেও দেওবাৰে নিশাৰ বিশেষ আহাৰ হিচাপে বিৰিয়ানী খাই দিনটো সামৰণি পেলাব বুলি ঠিক কৰিলে। মটৰচাইকেলখন লৈ বিৰিয়ানী কিনিবলৈ ওলাই গ’ল লিয়াকত। কিন্তু ৯ বজাতেই ওলাই যোৱা লিয়াকত দুই-তিনি ঘণ্টালৈ ঘৰলৈ ঘূৰি নহাত পৰিয়ালৰ লোকে বিচাৰ–খোঁচাৰ আৰম্ভ কৰে।

অৱশেষত আৰক্ষীৰ ওচৰ পায় গৈ লিয়াকতৰ পৰিয়ালৰ লোক। ঘটনাৰ গুৰুত্ব বুজি হায়দৰাবাদ আৰক্ষীয়ে তদন্ত আৰম্ভ কৰাত খবৰ লাভ কৰিলে পুঞ্জগুট্টাত এটা হত্যাকাণ্ড সংঘটিত হৈছে। লগে লগে আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হয়। 

উল্লেখ্য যে অঞ্চলটোত থকা মেৰিডিয়ান ৰেস্তোৰাঁখনলৈ বিৰিয়ানী কিনিবলৈ গৈছিল লিয়াকতে। সময় তেতিয়া ১০ বাজিছিল। ৰেস্তোৰাঁখনত সেই সময়ত গ্ৰাহকে ভিৰ কৰি আছিল, বিশেষকৈ লিয়াকততকৈ বহু আগৰে পৰা গ্ৰাহক ৰৈ থকাৰ বাবে তেওঁ বিৰিয়ানী অৰ্দাৰ দিয়ো কিছু সময়ৰ ৰ’বলগীয়া হৈছিল। তেওঁ অৰ্দাৰ লাভ কৰালৈ ৰেস্তোৰাঁখনত গ্ৰাহক প্ৰায় নাছিলেই।

biriyani

যথাসময়ত তেওঁৰ হাতত বিৰিয়ানীৰ টোপলাটো দিলেহি। তেওঁ বিৰিয়ানীৰ পাৰ্ছেলটো খুলি চাই তাত ৰায়টা কম দেখি আৰু অলপ ৰায়টা দিবলৈ ক’লে। ইয়াতেই নাৰাজ হ’ল ৰেস্তোৰাঁখনৰ মালিক- কৰ্মচাৰীসকল। লিয়াকতৰ কথাত ক্ষোভিত হৈ ৰেস্তোৰাঁখনৰ মালিকৰ লগতে কৰ্মচাৰীসকলেও তৰ্কত লিপ্ত হয়।

হঠাৎ তেওঁলোকে লিয়াকতক শাৰীৰিকভাৱেও আক্ৰমণ কৰিলে। এটা সময়ত পাশৱিক উন্মাদনাত হাতে হাতে লাঠী, ৰড লৈ লিয়াকতক কোবাবলৈ আৰম্ভ কৰিলে। হোটেলৰ মালিক-কৰ্মচাৰীৰ উন্মাদনা ইমানেই ভয়ংকৰ আছিল যে সিহঁতৰ আক্ৰমণত প্ৰাণবায়ু উৰি যোৱাৰ পিছতো কোবাবলৈ এৰা নাছিল।

পিছত স্থানীয় ৰাইজৰ হস্তক্ষেপত উন্মাদৰ দলটো শান্ত হয় যদিও তেতিয়ালৈ বহু দেৰি হৈ গৈছিল। ইতিমধ্যে আৰক্ষীয়ে ঘটনাৰ লগত জড়িত আটাইকেইজনকে গ্ৰেপ্তাৰ কৰিছে। ৰেস্তোৰাঁখনো ছীল কৰি দিয়া হৈছে।

প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি যে ৰেস্তোৰাঁখনৰ মইমতালিৰ বিৰুদ্ধে স্থানীয় ৰাইজে কেইবাবাৰো আৰক্ষীৰ ওচৰত অভিযোগ দিছিল। ৰেস্তোৰাঁখনৰ বাবেই জীয়াতু ভুগিব লগা হৈছিল স্থানীয় ৰাইজে। ৰোস্তোৰাঁত পাৰ্কিং সুবিধা নথকাৰ বাবেই গ্ৰাহকে জধে-মধে গাড়ী ৰখোৱাৰ বাবে অঞ্চলটোত প্ৰায়েই যান–জঁটৰ সৃষ্টি হয়।

Category
Profile picture for user UB Photos