সমগ্ৰ দেশত অতি শীঘ্ৰেই উপলব্ধ হ'ব Jio 5G সেৱা! এই ঘোষণা RIL অধ্যক্ষ মুকেশ আম্বানীৰ......

jio

Jio 5G ব্ৰডবেণ্ড সেৱাক লৈ ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজ লিমিটেড (RIL)ৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক মুকেশ আম্বানীৰ বিশেষ ঘোষণা। ডিচেম্বৰৰ পৰা উপলব্ধ হ’ব Jio 5G ব্ৰডবেণ্ড। Reliance Jio য়ে মুকলি কৰিব Jio 5G Broadband। 

উল্লেখ্য যে, RIL ৰ অধ্যক্ষ মুকেশ আম্বানীয়ে ঘোষণা কৰে যে ডিচেম্বৰৰ পৰা উপলব্ধ হ’ব Jio 5G Broadband। RILৰ ৪৬ সংখ্যক বাৰ্ষিক সাধাৰণ সভাত এই কথা ঘোষণা কৰে তেওঁ। লগতে ৪৬ সংখ্যক বাৰ্ষিক সাধাৰণ সভাত মুকেশ আম্বানীয়ে বহু কেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ কথাও ঘোষণা কৰে।

jio

তেওঁ কয় যে, ২০২২ বৰ্ষৰ অক্টোবৰ মাহত Jio True 5G সেৱা মুকলি কৰা হৈছিল, ৯৬ শতাংশ চহৰত 5G কভাৰেজ আছে আৰু ডিচেম্বৰৰ ভিতৰত সমগ্ৰ দেশতে Jio True 5G Network সম্প্ৰসাৰণ কৰা হ’ব। 

আনহাতে, RILৰ অধ্যক্ষ মুকেশ আম্বানীয়ে ঘোষণা কৰে Jio True 5G Developer Program। এই প্লেটফৰ্মে অংশীদাৰ সমাধানৰ সুবিধাও প্ৰদান কৰে বুলি তেওঁ কয়। লগতে Jio ই ঘোষণা কৰিলে True 5G Lab।

jio

তথ্য অনুসৰি, ২০২২ চনৰ অক্টোবৰৰ পৰা Jio True 5G বিটা ট্ৰায়েল আৰম্ভ হৈছিল। প্ৰথমে মুম্বাই, দিল্লী, কলকাতা আৰু বাৰাণসীত মুকলি কৰা হৈছিল Jio True 5G। Jio True 5G য়ে 1Gbps তকৈ অধিক গতিৰে সীমাহীন 5G ডাটা প্ৰদান কৰে। Jio True 5G বিশ্বৰ ভিতৰতে আটাইতকৈ উন্নত 5G সেৱা হিচাপে পৰিগণিত হোৱাৰ সম্ভাৱনা আছে। ডিজিটেল জগতলৈ ভাৰতৰ ৰূপান্তৰ ত্বৰান্বিত কৰাৰ লক্ষ্য জিঅ’ৰ।  

Category
Profile picture for user UB Photos