বিলাহীৰ পিছত এইবাৰ বজাৰত পিঁয়াজৰ চাহিদা! এসপ্তাহত কিমান হ'ল গৈ পিঁয়াজৰ মূল্য?.......

onion

মাধমাৰ! বিলাহীৰ পিছত এইবাৰ আকাশলংঘী পিঁয়াজৰ মূল্য। বজাৰত বিলাহীৰ মূল্য কিছু পৰিমাণে হ্ৰাস পাবলৈ লোৱাৰ সময়তে হোৰাহোৰে বৃদ্ধি পাইছে পিঁয়াজৰ মূল্য।

উল্লেখ্য যে, নাছিকৰ-লাছলগাঁৱৰ পাইকাৰী বজাৰত বৃদ্ধি পাইছে পিঁয়াজৰ দাম। দেশৰ সৰ্ববৃহৎ পিঁয়াজৰ পাইকাৰী বজাৰ লাছলগাঁও এপিএমচিত এটা সপ্তাহত ৪৮ শতাংশ বৃদ্ধি পাইছে পিঁয়াজৰ মৃল্য।

Onion

৪ আগষ্টত লাছলগাঁও বজাৰত প্ৰতি কুইণ্টল পিঁয়াজৰ দাম ১৫৫০ টকা আছিল, শুকুৰবাৰে অৰ্থাৎ ১১ আগষ্টত পিঁয়াজৰ দাম হয়গৈ প্ৰতি কুইণ্টলত ২৩০০ টকা। ৮ মাহৰ ভিতৰত এয়া পিঁয়াজৰ সৰ্বাধিক পাইকাৰী মূল্যৰ অভিলেখ। ডিচেম্বৰ মাহত প্ৰতি কুইণ্টলত ২৩১১ টকা চুইছিলগৈ পিঁয়াজৰ দাম।

APMCৰ বিষয়ববীয়াই কয় যে বৰষুণৰ বাবে কৰ্ণাটক আৰু অন্ধ্ৰ প্ৰদেশৰ পৰা পিঁয়াজ অহাত এমাহ পলম হৈছে। সেইবাবে দক্ষিণ ভাৰততো চাহিদা বাঢ়িছে। অধিকসংখ্যক কৃষকে খাৰিফ শস্যত ব্যস্ত থকা বাবে মণ্ডিত যোগান কমিছে।

Onion

নেচনেল হৰ্টিকালচাৰ ৰিছাৰ্চ এণ্ড ডেভেলপমেণ্ট ফাউণ্ডেচন (NHRDF)ৰ প্ৰাক্তন সঞ্চালক আৰ পি গুপ্তাই কয়, দেশৰ মুখ্য পিঁয়াজ উৎপাদন স্থলীসমূহ ক্ষতিগ্ৰস্ত হৈছে। ইয়াৰ উপৰি পিঁয়াজ উৎপাদনকাৰী ৰাজ্যত নতুন ফচলৰ আগমনো এমাহ পলম হৈছে, যাৰ ফলত পাইকাৰী বজাৰত পিঁয়াজৰ দাম বৃদ্ধি পাইছে।

Category
Profile picture for user UB Photos