
“মা তুমি অনন্যা”- এই কথাষাৰীক অপমান কৰিলে এইগৰাকী মাতৃয়ে! কি বুলি ক’ব ইয়াক নিকৃষ্ট, জঘন্য নে মাতৃৰ নামত কলংক! এগৰাকী মাতৃ হৈও ইমান তললৈ নামিব পাৰে কল্পনাও কৰিব নোৱাৰিব আপুনি।
এগৰাকী মহিলাক গ্ৰেপ্তাৰ কৰিছে গোলাঘাটৰ কমাৰবন্ধা আৰক্ষীয়ে। কাৰণ এইগৰাকী মহিলাই নিজৰ কন্যাক নমাইছিল যৌনতাৰ বেহাত। মহানগৰীৰ একাংশ হোটেলত চলিছিল গোলাঘাটৰ এগৰাকী কিশোৰীৰ ওপৰত যৌন নিৰ্যাতন। মাতৃয়ে দেহ ব্যৱসায়ত লিপ্ত কৰাইছিল কিশোৰীগৰাকীক। শুনিলে বুকু কঁপি উঠা এই ঘটনাই জোকাৰিছে এতিয়া সমগ্ৰ গোলাঘাটৰ লগতে ৰাজ্যবাসীক।

মাতৃৰ এই নিৰ্যাতন সহিব নোৱাৰি কন্যাই নিজে মাতৃৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰি গোলাঘাটৰ কমাৰবন্ধা আৰক্ষী চকীত ৰুজু কৰিছে গোচৰ। আৰক্ষীৰ ওচৰত মাতৃৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি কয় যে- “মোৰ মায়ে মোক অবৈধ কাম লিপ্ত কৰোৱাইছে। যদি মই অমান্তি হও তেতিয়া মায়ে মোক হত্যাৰ ভাবুকি দিয়ে।”
এতিয়া উচিত বিচাৰ লাগে কিশোৰীগৰাকীক। আৰু এই সমগ্ৰ ঘটনাৰ তদন্ত প্ৰক্ৰিয়া আৰক্ষীয়ে আৰম্ভ কৰিছে যদিও কিশোৰীগৰাকীক ন্যায় আৰু সুৰক্ষা দিবৰ বাবে জিলা শিশু সুৰক্ষা বিষয়া কাৰ্যালয়ে সুকীয়াকে ব্যৱস্থা গ্ৰহণ কৰিছে। শিশু সুৰক্ষা বিষয়া কাৰ্যালয়ে জানিবলৈ দিয়া অনুসৰি, পাষান মাতৃ দিপ্তী বৰাই নিজৰ কন্যাক গুৱাহাটীত পঢ়ুৱাম বুলি নি নমালে দেহ ব্যৱসায়ত।

উল্লেখ্য যে, ৰেপিড’ৰে কিশোৰীগৰাকীক লৈ যায় একাংশ হোটেলত। য’ত সাজু হৈ থাকে গ্ৰাহক। এটা দিনতে কিশোৰীগৰাকীক এজনতকৈ অধিক গ্ৰাহকে যৌন নিৰ্যাতন চলাই আশুৰিক তৃপ্তি লাভ কৰে। আৰু এই ঘটনা প্ৰতিদিনে সংঘটিত হৈছিল। আৰু অৱশেষত কৌশলৰে কিশোৰীগৰাকী মাতৃৰ সৈতে ঘৰলৈ উভতি অহাৰ সময়তে কমাৰবন্ধা আৰক্ষী চকীত ৰুজু কৰে গোচৰ। আৰু তাৰ পিছতে কিশোৰীগৰাকীক সুকীয়াকৈ থকাৰ ব্যৱস্থা কৰি দিয়ে তেওঁলোকে।
ইফাল অভিযুক্ত মাতৃক গোলাঘাট জিলা শিশু সুৰক্ষা বিভাগে সোধা-পোছা কৰাৰ পাছত আজি কমাৰবন্ধা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি আদালতত হাজিৰ কৰোৱায়। এই ঘটনাই এতিয়া জোকাৰিছে সমগ্ৰ গোলাঘাট।
- Log in to post comments