ৰাহুল গান্ধীৰ বিৰুদ্ধে ফ্লায়িং কিছৰ অভিযোগ; ‘সংসদত বিজেপি সাংসদসকলক Flying Kiss দিয়ে ৰাহুলে’,এই অভিযোগ স্মৃতি ইৰাণীৰ

Rahul Gandhi

সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ সময়ছোৱাত ৯ আগষ্ট অৰ্থাৎবুধবাৰে লোকসভাত পুনৰ হুলস্থুল পৰিৱেশৰ সৃষ্টি হয়। বিজেপি সাংসদসকলে কংগ্ৰেছৰ সাংসদ ৰাহুল গান্ধীৰ বিৰুদ্ধে অভদ্ৰ ইংগিত দিয়াৰ অভিযোগ উত্থাপন কৰিছে। তাৰ পিছতে অধ্যক্ষক পত্ৰ লিখি ৰাহুল গান্ধীৰ বিৰুদ্ধে অভিযোগ দিয়ে।

য’ত কোৱা হৈছে যে ৰাহুল গান্ধীয়ে কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীক অভদ্ৰ ইংগিত দিছে। লোকসভা সচিবালয়ৰ সূত্ৰ অনুসৰি, সদনৰ ভিতৰত অশালীন আচৰণ বিবেচনাধীন আৰু সকলোৰে সৈতে কথা পাতি নিয়মানুসৰি ব্যৱস্থা লোৱা হ’ব।

এই সন্দৰ্ভত সদনত স্মৃতি ইৰাণীয়ে কয় যে, যাক আজি মোৰ আগতে বক্তব্য দিয়াৰ অধিকাৰ প্ৰদান কৰা হ’ল তেওঁ যাওঁতে-যাওঁতে এটা অভদ্ৰ আচৰণৰ দৰ্শন কৰোৱাই গ’ল। এয়া কেৱল এজন মহিলাবিৰোধী ব্যক্তিহে হ’ব পাৰে যিয়ে সদনত সদনৰ মহিলা সদস্যসকল থকাৰ পিছতো ফ্লায়িং কিছ দিয়ে। এনে অসন্মানীয় আচৰণ এই দেশৰ সদনত কেতিয়াও দেখা পোৱা নাই।

কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীক লক্ষ্য কৰি লয় কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীয়ে ক’লে যে শুনিছিলো যে মহিলাসকলক সেইসকল লোকে অভদ্ৰ ইংগিত বা অভদ্ৰ মন্তব্য কৰে যিসকলে আইন উলংঘা কৰে। এইটো গম পোৱা নাছিলো যে গান্ধী পৰিয়ালৰ সংস্কাৰৰ ভিতৰত এয়াও এটা সংস্কাৰ।

উল্লেখযোগ্য যে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে সাংসদ পদ ঘূৰাই পোৱাৰ পিছত বুধবাৰে প্ৰথমবাৰ সংসদত নিজৰ ভাষণ দিয়ে। ৰাহুল গান্ধীয়ে ভাষণ সমাপ্ত হোৱাৰ পিছতে বাহিৰলৈ ওলাই আহিছিল, সেই সময়তে এই অভিযোগ উত্থাপন হয়, যাক লৈ মহিলা সাংসদসকলে আপত্তি কৰে। সেই সময়ত কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীৰ ভাষণ চলি আছিল।

অৱশ্যে ৰাহুল গান্ধীৰ ফ্লায়িং কিছৰ এই দৃশ্য কেমেৰাত আবদ্ধ হোৱা নাই!

কেন্দ্ৰীয় কৃষি মন্ত্ৰী শোভা কৰন্দলাজেয়ো ফ্লায়িং কিছক লৈ কংগ্ৰেছ সাংসদগৰাকীক লক্ষ্য কৰি লয়। তেওঁ ৰাহুল গান্ধীৰ ব্যৱহাৰক ‘অনুচিত’ আখ্যা দিয়ে আৰু লোকসভাৰ অধ্যক্ষৰ ওচৰত অভিযোগ দাখিল কৰে।

কেইবাগৰাকীও মহিলা সাংসদে অভিযোগ পত্ৰত হস্তাক্ষৰ কৰে। এই পত্ৰত তেওঁলোকে উচিত ব্যৱস্থা গ্ৰহণৰ দাবী তোলে।

Category
Profile picture for user UB Photos