এইকেইবিধ শ্বেম্পু ব্যৱহাৰ নকৰিব! নহ'লে হ'ব কেন্সাৰ!

Shampoo Cause Cancer

আমেৰিকাত শ্বেম্পুকে ধৰি একাধিক প্ৰসাধনী সামগ্ৰী বিক্ৰীত নিষেধাজ্ঞা জাৰি কৰিছে দেশ খনৰ খাদ্য আৰু ঔষধ নিয়ামক সংস্থা 'ফুড এণ্ড ড্ৰাগ এডমিনিষ্ট্ৰেছন'-এ। সংস্থাটোৰ মতে শ্বেম্পুত বেঞ্জিন নামৰ এবিধ উপাদান পোৱা গৈছে, যাৰ পৰা কেন্সাৰকে ধৰি বিভিন্ন জটিল ৰোগ হ'ব পাৰে। শেহতীয়াকৈ এফ ডি এ ৰ ৱেবছাইটত প্ৰকাশ পাইছে এনে একাধিক 'ৰকাজোলিক' শ্বেম্পু আৰু 'এৰোছল ড্ৰাই শ্বেম্পু'ৰ নাম। তালিকাখনত সন্নিবিষ্ট হৈছে ইউনিলিভাৰৰ 'ডাভ', 'ট্ৰেছামে' আৰু 'নেক্সাছ'ৰ দৰে ব্ৰেণ্ডসমূহো।
তালিকাখন প্ৰকাশ পোৱাৰ পিছতে ইউনিলিভাৰে ২০২১ চনৰ পূৰ্বে প্ৰস্তুত কৰা বিভিন্ন শ্বেম্পু বজাৰৰ পৰা প্ৰত্যাহাৰ কৰাৰ সিদ্ধান্ত লয়। এফ ডি এ-এ জনোৱা মতে এনেধৰণৰ 'ড্ৰাই শ্বেম্পু' ত প্ৰ'পেইন আৰু বিউটেন ব্যৱহাৰ কৰা হয়। এইবোৰ পেট্ৰ'লিয়ামৰ পৰা পোৱা যায়। পেট্ৰ'লিয়ামজাত বিভিন্ন পদাৰ্থত অশোধিত ৰূপত মিহলি হৈ থাকে 'বেঞ্জিন' নামৰ এবিধ উপাদান, যাৰ নিয়মিত সংস্পৰ্শই দেহত বিভিন্ন জটিল ৰোগৰ সৃষ্টি কৰে। আনকি লিউকিমিয়া বা তেজৰ কৰ্কটৰ দৰে ৰোগো হ'ব পাৰে। যাৰ বাবে এনে উপাদানমিশ্ৰিত শ্বেম্পুৰ বিক্ৰীত নিষেধাজ্ঞা জাৰি কৰা হৈছে আমেৰিকাত।

Category
Profile picture for user UB Photos