নাজিৰাৰ পিজ্জা বিশেষ ৰেষ্টুৰা ইউ এছ পিজ্জাত চলিছে বিদেশী সুৰাৰ আড্ডা! কেমেৰা দেখি পলায়ন একাংশৰ

US PIZZA

ইউ এছ পিজ্জালৈ গৈ আপুনি ভাল পায় নেকি? সাধাৰণতে ইউ এছ পিজ্জাত আপুনি পাব বিভিন্ন ধৰণৰ পিজ্জাৰ সোৱাদ।

কিন্তু নাজিৰা ইউ এছ পিজ্জাত আপুনি কেৱল পিজ্জা নহয়, পাব বিভিন্ন বিদেশী সুৰা।

এই দৃশ্যলৈ যেন তাকেই প্ৰমাণ কৰিছে। টেবুলত বিদেশী সুৰাৰ গিলাচ লৈ বহিছে এদল অএনজিচিৰ বিষয়া। দোপৰ নিশালৈকে ইউ এছ পিজ্জাত চলিছে সুৰাৰ পাৰ্টি।

বুধবাৰে নিশা নাজিৰা নগৰস্থিত বিলাসী ব্যৱসায়ী প্ৰতিষ্ঠান খনত সুৰাৰ পাৰ্টি চলাৰ খবৰ লাভ কৰি প্ৰতিষ্ঠান খনত সাংবাদিক উপস্থিত হোৱাত থৰকাছুটি হেৰাল সুৰাৰ আড্ডাত মট্ট হৈ থকা অএনজিচিৰ বিষয়াসকলৰ। কেমেৰা দেখি পলায়ন কৰে বিষয়া সকল।

Alcohol Consume

নিশাই সাংবাদিকৰ খবৰৰ ভিত্তিত নাজিৰাৰ মহকুমা আৰক্ষী বিষয়া শুভলক্ষ্মী দত্তই অভিযান চলায় ব্যৱসায় প্ৰতিষ্ঠান খনত। পূৰ্বতেও একাধিক অভিযোগেৰে অভিযুক্ত ব্যৱসায় প্ৰতিষ্ঠান খনক ৰক্ষণাবেক্ষণ দিবলৈ তৎপৰ হৈ পৰিছে এটা চক্ৰ।

ঘটনাস্থলীত সাংবাদিকে কেমেৰা কৰি থাকোতে ইউ এছ পিজ্জাৰ প্ৰতিষ্ঠান খনৰ মেনেজাৰে কেমেৰা কাঢ়ি  লয় আৰু দূৰ ব্যৱহাৰ কৰে।

কোনো অনুজ্ঞাপত্ৰ নোহোৱাকৈ নগৰৰ মাজমজিয়াত ৰেষ্টোৰেণ্টৰ ব্যৱসায়ৰ নামত সুৰাৰ পোহাৰ মেলা নাজিৰা ইউ এছ পিজ্জাৰ বিৰুদ্ধে প্ৰশাসনে কেনে ব্যৱস্থা লয় সেয়া হ'ব লক্ষণীয়।

Category
Profile picture for user UB Photos