আজৱ দেশৰ গজৱ কথা; কইনাই সেন্দুৰ পিন্ধালে দৰাক

bride put sindoor on her groom

আজৱ কথা, এইবাৰ কইনাই সেন্দুৰ দিলে দৰাক। কলকাতাৰ এগৰাকী কইনাই দৰাৰ কপালত সেন্দুৰ পিন্ধোৱা এটা ভিডিঅ' ছচিয়েল মিডিয়াত খলকনি তুলিছে।

কইনা শালিনী সেন আৰু দৰা অংকন মজুমদাৰ ২ ডিচেম্বৰত বিবাহ পাশত আৱদ্ধ হৈছিল। কইনাৰ ভগ্নী ক্ৰিটিকাই ফেচবুকত বিবাহৰ ৰীতি-নীতিৰ ফটো আৰু ভিডিঅ' পোষ্ট কৰাৰ পিছতে উক্ত ভিডিঅ'টো ভাইৰেল হৈ পৰিছে।

ভিডিঅ'টোত, শালিনীক তাইৰ দৰাৰ কপালত সেন্দুৰ দি হাঁহি থকা দেখা গৈছে । সেইসময়চোৱাত বিয়াৰ অতিথিসকলক বেচ আমোদ উল্লাস কৰা দেখা গৈছে।

উল্লেখনীয় ভাৱে, বিয়াখন তিনিজন পুৰোহিতৰ দ্বাৰা সম্পন্ন কৰা হৈছিল। বিয়াৰ মন্ত্ৰসমূহ কেৱল সংস্কৃততে নহয় বাংলাতো কোৱা হৈছিল।

১১ ছেকেণ্ডৰ ভিডিঅ'টো ফেচবুকত ভাইৰেল হৈ পৰিছে। ৩ লাখতকৈও অধিক ভিউচ আৰু ৪,৫০০ৰো অধিক লাইক লাভ কৰি বিপুল সমাদৰ লাভ কৰা দেখা গৈছে।

 

ছচিয়েল মিডিয়াত দম্পতীহালক সকলোৱে অভিনন্দন জনাই আৰু তেওঁলোকৰ বৈবাহিক জীৱনৰ বাবে তেওঁলোকক আশীৰ্বাদ দিয়ে। বহুতে তেওঁলোকক ষ্টেৰিওটাইপ ভংগ কৰাৰ বাবে প্ৰশংসা কৰিছে তাৰ সমপৰিমানে দম্পতীহালৰ পৰম্পৰাক উপহাস কৰাৰ বাবে সমালোচনা কৰাও দেখিবলৈ পোৱা গৈছে।

উল্লেখ্য় যে, যোৱা মাহত বলীউডৰ অভিনেতা ৰাজকুমাৰ ৰাও আৰু পত্ৰলেখাৰ বিয়াত হোৱা ঘটনাও প্ৰায় একে। ৰাজকুমাৰে তেওঁৰ ইনষ্টাগ্ৰাম একাউণ্টত পত্ৰলেখাক কপালত সেন্দুৰ লগাবলৈ কোৱা এটা ভিডিঅ' পোষ্ট কৰিছিল। ভিডিঅ'টোত, অভিনেতাজনক কোৱা শুনা গৈছিল, "তু ভি লগা দে।"

হিন্দু পৰম্পৰা অনুসৰি, দৰাজনে তেওঁলোকৰ বিবাহৰ পবিত্ৰ বন্ধনৰ প্ৰতীক হিচাপে কইনাৰ কপালত সেন্দুৰ দিয়ে। বিবাহিত মহিলাসকলে তেওঁলোকৰ চুলিৰ ৰেখাৰ বিভাজনত সেন্দুৰ পিন্ধে।

Category
Profile picture for user UB Photos