প্ৰকৃতিৰ কালৰূপত দিশহাৰা মানব! কেৰালাত ২৭জনৰ, উত্তৰাখণ্ডত ৮জনৰ মৃত্যু

Uttarakhand Landslide

প্ৰকৃতিয়ে লৈছে কালৰূপ। দিশহাৰা এতিয়া মানব।

বানৰ কবলত কেৰালাত ২৭জন লোকে প্ৰাণ হেৰুৱাৰ বিপৰীতে উত্তৰাখণ্ডত ভূমিস্খলনত প্ৰাম হ’ল ৮জন লোকৰ।

ধাৰাসাৰ বৰষুণৰ বাঢ়নি পানীয়ে তাণ্ডৱ চলাইছে এতিয়া কেৰালা আৰু উত্তৰাখণ্ডত। কোনো ঠাইত যদি বানপানী, কোনো ঠাইত ভূমিস্খলনৰ তাণ্ডৱ। বহু লোকে বৰ্তমানলৈ প্ৰাণ হেৰুৱালে প্ৰকৃতিৰ এই তাণ্ডৱত।

বানৰ কবলত পৰা দুয়োখন ৰাজ্যতে বৰ্তমানে ৰেড এলাৰ্ট জাৰি কৰা হৈছে। উত্তৰাখণ্ডৰ ভূমিস্খলনত সম্পূৰ্ণৰূপে ব্যাহত হৈ পৰিছে যাতায়াত। ৰাষ্ট্ৰীয় ঘাইপথ পৰ্যন্ত বন্ধ হৈ পৰিছে। বহু লোক নিজৰ বাসগৃহতে আৱদ্ধ হৈ পৰিছে। লগতে সন্ধানহীন হৈছে বহু লোক।

Category
Profile picture for user UB Photos