অবৈধ বেদখল ! মানাহ ৰাষ্ট্ৰীয় উদ্যানলৈ ভাবুকি!

 

 মানাহ ৰাষ্ট্ৰীয় উদ্যানলৈ ভাবুকি! অবৈধ বেদখল অভয়াৰণ্যৰ অন্ত:ভাগত

UNESCOৰ অধীনস্হ International union for conservation of Natureৰ  দ্বাৰা world Heritage ৰূপে ঘোষীত মানাহ ৰাষ্ট্ৰীয় উদ্যানলৈ শেহতীয়াকৈ আহিছে  ভাবুকি। বিটিচিৰ অঞ্চলৰ বাকসা আৰু চিৰাং জিলাৰ অন্তগৰ্ত তথা ভূটানৰ পাদদেশত অৱস্থিত মানাহ অভয়াৰণ্য প্ৰতিজন পৰ্যটকৰ বাবে অন্যতম আৰ্কষণীয় কেন্দ্ৰস্হল।মানাহ-বেকী নৈৰ কাষত স্থিত ১৯৯০ চনত ৰাষ্ট্ৰীয় উদ্যানলৈ উন্নিত হোৱা অভয়াৰণ্য খন প্ৰায় ৯৫০ বৰ্গ কিলোমিটাৰ আগুৰি আছে।মুঠ ভূমি প্ৰায় ৩৯,১০০ হেক্টৰ।সোণালীবান্দৰ,চিতাবাঘ,হৰিণ,গড়,পৰিভ্ৰমী চৰাইৰ আবাস স্হল  অভয়াৰণ্য খনলৈ সম্প্ৰতি আহিছে প্ৰচন্দ ভাবুকি। উদ্যান কতৃপক্ষৰ আওকণীয়া মনোভাৱৰ বাবে অভয়াৰণ্য খনৰ অন্তভাৰ্গত  চলিছে অবৈধ বেদখল। একাংশ বেদখলকাৰীয়ে ভূঞাপাৰাত  নিবিঘ্নে বাসগৃহৰ লগতে গঢি তুলিছে কৃষি কাৰ্য । এই বেদখলকাৰীৰ দ্বাৰা দিনক দিনে বাঢ়িছে তীব্ৰ আগ্ৰাসন। অথচ মানাহ ৰাষ্ট্ৰীয় উদ্যান কতৃপক্ষ তথা  বিটিচি প্ৰশাসনে লোৱা নাই এই পৰ্যন্ত
কোনো সময়োচিত পদক্ষেপ । শেহতীয়াকৈ International union for conservation of nature য়ে এই বেদখল সন্দৰ্ভত বিস্তৃত প্ৰতিবেদন দাখিল কৰিছে।প্ৰতিবেদনত উল্লেখ আছে যে শীঘ্ৰ যদি এই বেদখল ৰোধ কৰিব নোৱাৰে তেন্তে অভয়াৰণ্য খনে হেৰুৱাব পাৰে world Heritage ত স্বীকৃতি ।
 প্ৰশ্ন হয়, অভয়াৰণ্য অন্তভাগত চলি থকা এই বেদখলকাৰীক উচ্ছেদ কৰিবলৈ সক্ষম হবনে সংশ্লিষ্ট বিভাগ !