লুৰিণজ্যোতিৰ বিদায় আৰু কিছু আৱেগিক মূহুৰ্ত

বৃহস্পতিবাৰে সদৌ অসম ছাত্ৰ সন্থাৰ পৰা আনুষ্ঠানিক ভাবে বিদায় ল’লে লুৰিণ জ্যোতি গগৈয়ে। গুৱাহাটী বিশ্ববিদ্যালয়ৰ আছুৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হোৱা বিদায় সভাত ভাষণ প্ৰদান কৰি আবেগিক হৈ পৰিল লুৰিণ জ্যোতি গগৈ।

ছাত্ৰ সন্থাৰ জৰিয়তে মই এক নতুনৰ পথৰ সন্ধান পালো আৰু সেই পথ দেখুৱালে বিশ্ববিদ্যালয়ৰ আছুৰ গোটে। আমাৰ যাত্ৰা ছাত্ৰ সন্থাৰ পৰা কেতিয়াও পৃথক নহয় ।

  ‘আমাৰ প্ৰত্যেকৰে দায়িত্ব হ’ব ছাত্ৰ সন্থাক আগুৱাই নিয়া ।

সমালোচনা ছাত্ৰ সন্থাৰ বাবে আশীৰ্বাদ। যোৱা পাঁচ বছৰে ছাত্ৰ সন্থাৰ ওপৰত বিভিন্ন শক্তিয়ে বহু কূটকৌশল ৰচনা কৰিছিল। এচাম সাম্প্ৰদায়িক শক্তিয়ে ছাত্ৰ সন্থাক অৱদমন কৰিব বিচাৰিছে। কিন্তু,ছাত্ৰ সন্থাক কেতিয়াও অৱদমন কৰিব নোৱাৰে।আছু সদায় সজীৱ আৰু উজ্বীৱিত শক্তি হৈ থাকিব৷