হাউলীত শোকাৱহ ঘটনা/ ঘৰৰ ভিতৰতে পানীত পৰি মহিলাৰ মৃত্যু

হাউলীত শোকাৱহ ঘটনাঃ ঘৰৰ ভিতৰতে পানীত পৰি এগৰাকী অকলশৰীয়া বৃদ্ধ মহিলাৰ মৃত্যু । 

 


  হাউলীৰ আমলত শোকাৱহ ঘটনা ৷ ঘৰৰ ভিতৰতে পানীত পৰি মৃত্যু এগৰাকী বয়োজ্যেষ্ঠ মহিলাৰ ৷ ওচৰৰ লোকে খবৰ লবলৈ আহি আজি পানীত উপঙি থকা অৱস্থাত উদ্ধাৰ হয় মহিলাগৰাকীৰ উৱলি যোৱা মৃতদেহ ।

     মৃত মহিলাগৰাকীৰ নাম ডালিমী দাস । নিজ ঘৰৰ ভিতৰত পানীৰ মাজত পৰা  উদ্ধাৰ হয় মহিলী গৰাকীৰ মৃতদেহ । দুগৰকী পুত্র আৰু তিনিজনী কন্য সন্তানৰ মাতৃ মহিলাগৰাকী অকলশৰীয়াকৈ ঘৰ খনত বাস কৰি আছিল ।

     যোৱা কেবাদিন ধৰি নেৰানেপেৰা বৰষুনৰ ফলত মহিলাগৰাকীৰ ঘৰৰ ভিতৰলৈ সোমাইগৈছিল পানী । আৰু ঘৰতে আৱদ্ধ হৈ পৰা মহিলাগৰাকী কেনেবাকৈ পিচলি পৰি মৃত্যুমুখত পৰে ।

 

হাউলীত শোকাৱহ ঘটনাঃ ঘৰৰ ভিতৰতে পানীত পৰি এগৰাকী অকলশৰীয়া বৃদ্ধ মহিলাৰ মৃত্যু । 

 

     স্থানীয় লোকে জনোৱামতে,  যোৱা দুদিন ধৰি ঘৰৰ পৰা ওলোৱা নাছিল মহিলাগৰাকী ৷ তাৰপিচত আজি খবৰ লবলৈ আহি ঘৰৰ ভিতৰত পানীত উপঙি থকা অৱস্থাত  মৃতদেহটো প্ৰত্যক্ষ কৰি হাউলী আৰক্ষীক খবৰ দিয়ে ।

     ঘটনা স্থলীত আৰক্ষী উপস্থিতহৈ মৃতদেহ উদ্ধাৰ কৰি মৰনোত্তৰ বৰপেটা মেডিকেল কলেজলৈ প্ৰেৰণ কৰে । তিনিগৰাকী কন্যাক বিৱাহ দিয়া মহিলাগৰাকীৰ এজন পুত্ৰ চেন্নাইত আৰু আনজন পাঠশালাত কাম কৰি থাকে ৷

    ৫টাকৈ সন্তানৰ এগৰাকী মাতৃৰ এনেদৰে শোকাৱহ মৃত্যুৰ ঘটনাক লৈ অঞ্চলটোৰ ৰাইজ শোকাহত হৈ পৰিছে ৷

 

Category