গুৱাহাটীৰ ফাৰ্মাচীত কৰ্মৰত বৰপেটাৰোডৰ যুৱক কোৰোণাত আক্ৰান্ত

গুৱাহাটীৰ ফাৰ্মাচীত কৰ্মৰত বৰপেটাৰোডৰ যুৱক কোৰোণাত আক্ৰান্ত

গুৱাহাটীৰ ফাৰ্মাচীত কৰ্মৰত বৰপেটাৰোডৰ যুৱক কোৰোণাত আক্ৰান্ত ৷

কোৰোণাত আক্ৰান্ত যুৱকজনৰ নাম প্ৰাণজিৎ সৰকাৰ (৩৩) ৷

বৰপেটাৰোড সংলগ্ন বাক্সা জিলাৰ জাখলিপাৰত ঘৰ যুৱকজনৰ ৷ 

গুৱাহাটীৰ ফটাশিল বজাৰৰ কুশল মেডিক'জ নামৰ ফাৰ্মাছীখনত কৰ্মৰত আছিল যুৱকজন ৷

ফাৰ্মাছীখনত কৰ্মৰত গোৰেশ্বৰ লতিবাৰীৰ দীপাংকৰ সৰকাৰো আক্ৰান্ত হৈছিল কোৰোণাত ৷ 

তাৰপিচতেই ছোৱাব পৰীক্ষাৰ বাবে নিজেই আগবাঢ়ি আহিছিল প্ৰাণজিৎ সৰকাৰ ৷

ধীৰেণপাৰাৰ হস্পিটালত ছোৱাব পৰীক্ষা কৰা যুৱকজনক কালি নিশা কোৰোণা পজিটীভ বুলি জনাইছিল স্বাস্থ্য বিভাগৰ লোকে ৷

যোৱা নিশাৰ পৰা স্বাস্থ্য বিভাগৰ লোকে কোনো ধৰনৰ যোগাযোগ কৰা নাছিল যুৱকজনৰ সৈতে ৷ 

আজি বাক্সা জিলাৰ শিমলাগুৰি আৰক্ষী চকীৰ সৈতে নিজেই যোগাযোগ কৰে যুৱকজনে ৷

তাৰপিচতহে আৰক্ষী আৰু স্বাস্থ্য বিভাগৰ লোকে যুৱকজনক আজি নিশা চিকিৎসালয়ত ভৰ্তিৰ ব্যৱস্থা কৰে ৷

ইপিনে গুৱাহাটীৰ ফটাশিল বজাৰৰ মাজমজিয়াত অৱস্থিত কুশল মেডিক'জ নামৰ ফাৰ্মাচীখনৰ দুজনকৈ কৰ্মচাৰী কেৰোণাত আক্ৰান্ত হোৱাৰ খবৰে বিয়পাইছে চাঞ্চল্য ৷

কুশল মেডিক'জ নামৰ ফাৰ্মাছীখনৰ পৰা ব্যাপক সংক্ৰমন হোৱাৰো আশংকা ৷

ইপিনে প্ৰাণজিৎ সৰকাৰ নামৰ কোৰোণা আক্ৰান্ত যুৱকজনৰ শৰীৰত নাছিল কোনো ৰোগৰ লক্ষণ ৷

যুৱকজনে ভোগা নাছিল জ্বৰ, কাঁহ অথবা কোনো ধৰনৰ শাৰিৰীক অসুস্থতাত ৷

দেওবাৰে গুৱাহাটীৰ পৰা বৰপেটাৰোডৰ জাখলিপাৰৰ নিজ ঘৰলৈ আহিছিল যুৱকজন ৷

যুৱকজনে সোমবাৰে জাখলিপাৰ চ'কত এখন ফাৰ্মাচী পৰা ORS (চর্বত)ক্ৰয়  কৰিছিল ৷

কোৰোণা আক্ৰান্ত যুৱকজনক লৈ জাখলিপাৰত ৰাইজৰ মাজত আতংক ৷

Category