অসম আৰক্ষীৰ এ পিএচ পৰ্যায়ৰ কেইবাজনো বিষয়া ৰ'দ-বদল

অসম আৰক্ষীৰ এ পিএচ পৰ্যায়ৰ কেইবাজনো বিষয়া ৰ'দ-বদল

     অসম চৰকাৰৰ গৃহ বিভাগে মংগলবাৰে অসম আৰক্ষীৰ এ পিএচ পৰ্যায়ৰ কেইবাজনো  বিষয়াক আন স্হানলৈ বদলি কৰাৰ বিপৰীতে আন  কেইবাজনো ডি এচ পি পৰ্যায়ৰ বিষয়াক কৰা হয় পদোন্নতি সহ বদলি ।

 বদলি কৰা বিষয়া সকল হ'ল:---- 
চিৰাংৰ জিলাৰ মুখ্য কাৰ্যালয়ত কৰ্মৰত এ এচ পি বেদান্ত কাকতিক কোকৰাঝাৰ সীমান্ত শাখালৈ বদলি কৰা হৈছে।

মাজুলীৰ এএচ পি(মুখ্য কাৰ্যালয়)  আনন্দ তকবিক বদলি কৰা হৈছে  লামডিংৰ  অসম পুলিচ ট্ৰাষ্ট ফৰ্চৰ দ্বিতীয় বেট্ৰেলিয়ানত ভাৰপ্ৰাপ্ত অধিনায়ক পদলৈ ।

নগাঁও এ এচ পি (সীমান্ত শাখা) পাপৰি চেতীয়াক জামুগুৰি হাটৰ ১২এপিবি এনৰ ভাৰপ্ৰাপ্ত অধিনায়িকা হিচাপে বদলি।

 সোনটিলাস্হ ৫ ম এপিবি এনৰ এপিএচ মাৰিয়াং জাউলাচাংমৌৰীক  ডিমা হাছাও এ এচ পি (নিৰাপত্তা) কৰা হৈছে বদলি।

বিজনীৰ এচ ডি পি অ  প্ৰকাশ মেধীক পদোন্নতিসহ এ এচ পি( হেড কোৱাৰ্টাৰ)হিচাপে  চিৰাংলৈ বদলি।

ওদালগুৰি ডি এচ পি  (হেড কোৱাৰ্টাৰ) মইদুল ইছলামক প্ৰমোচন সহ বদলি  কৰা হৈছে লক্ষীমপুৰৰ ১৩ বেট্ৰেলিয়ানৰ ভাৰপ্ৰাপ্ত অধিনায়ক হিচাপে ।

অসম পুলিচৰ বি এল ই অ (আইন)ৰ ডি এছ পি দেৱশীষ চৌধুৰীক পদোন্নতিসহ ধুবুৰী এ এছ পি হিচাপে কৰা হৈছে বদলি।

গোলাঘাটৰ ডি এছ পি(মুখ্য কাৰ্যালয়) পাৰ্থ  প্ৰতিম শইকীয়াক পদোন্নতি সহ মাজুলীৰ এ এচ পি(মুখ্য কাৰ্যালয়)  হিচাপে বদলি।

অসম আৰক্ষীৰ এ পিএচ পৰ্যায়ৰ কেইবাজনো বিষয়া ৰ'দ-বদল

গুৱাহাটী আৰক্ষী আয়ুক্তৰ  নিয়ন্ত্ৰণ কক্ষৰ এ চি পি ৰুপে কাৰ্যনিৰ্বাহ কৰা পল্লৱ  তামুলীক পদোন্নতিসহ উত্তৰ গুৱাহাটী মান্দাকাটাস্হ কমান্ডো বাহিনী উপ- অধিনায়ক  হিচাবে বদলি।

হামৰেনৰ ডি এচ পি(মুখ্য কাৰ্যালয়) সুব্ৰত কুমাৰ সেনক নতুন দিল্লীৰ অসম হাউচত,অসম ভৱনৰ এ এচ পি হিচাপে  পদোন্নতিসহ বদলি ।
 

কাহিলীপাৰাৰ চতুৰ্থ  এ পি বি এন সহকাৰী উপ -অধিনায়ক অৰ্ণিবাণ  শৰ্মাক পদোন্নতি সহ নলবাৰী দেউলাশালৰ ১৪ এ পি বি এনৰ  ভাৰপ্ৰাপ্ত অধিনায়ক হিচাপে বদলি।

গুৱাহাটী আৰক্ষী আয়ুক্তৰ যান-বাহন শাখা-১ এ চি পি মৃন্ময় গোস্বামীক পদোন্নতি সহ একে বিভাগৰ অতিৰিক্ত ডি চি পি হিচাপে বদলি।

হাইলাকান্দি কাটলিচাৰা ২১ এ পি বি এনে সহ অধিনায়ক  ফৰিজ আহমেদ বৰভূঞাক ক পদোন্নতি সহ বদলি কৰা হৈছে শিলচৰৰ অসম-বাংলাদেশ সীমান্তৰ বিশেষ আৰক্ষী অধীক্ষক হিচাপে বদলি কৰা হৈছে ।
কামৰুপৰ ডি এচ  পি(সীমান্ত)  মৌচুমী কলিতাক পদোন্নতি সহ উত্তৰ গুৱাহাটীৰ কমান্ডো বেট্ৰেলিয়ানৰ উপ-কমান্ডো হিচাপে বদলি।
নগাঁও ৰ ডি এচ পি(মুখ্য কাৰ্যালয়) মানস শইকীয়াক পদোন্নতিসহ একেখন জিলাৰ এ এচ পি(সীমান্ত)হিচাপে বদলি ।
চত্ৰিশগড় ৰাজ্যৰ  ৰায়পুৰৰ থকা এইমছত ডেপুটেচনত নিৰাপত্তা বিষয়া ৰুপে কৰ্মৰত হৈ থকা উপাসনা খাউন্দক প এ পি এচলৈ পদোন্নতি দি  এইমছতে কাৰ্যনিৰ্বাহ কৰিবলৈ দিয়া হৈছে  ।
বাকচাৰ শালবাৰীত এচ ডি পি অ হিচাপে থকা চফিকুল হুচেইনক  পদোন্নতিসহ নলবাৰীৰ এ এচ পি(নিৰাপত্তা)হিচাপে বদলি

ডিব্ৰুগড়ৰ ডি এচ পি(মুখ্য কাৰ্যালয়) পল্লবী মজুমদাৰক পদোন্নতিসহ দৰংৰ এ এচ পি(সীমান্ত) হিচাপে বদলি।

নাজিৰাৰ এচ ডি পি অ দীপজ্যোতি  তালুকদাৰক  পদোন্নতিসহ চৰাইদেও জিলাৰ এএচ পি(নিৰাপত্তা) হিচাপে বদলি।
দক্ষিণ শালমাৰাৰ ডি এচ পি (মুখ্য কাৰ্যালয়)আৰিফ আহমেদক পদোন্নতিসহ বৰপেটাৰ হাউলীৰ চতুৰ্থ বেট্ৰেলিয়নৰ ভাৰপ্ৰাপ্ত  অধিনায়ক হিচাপে বদলি কৰা হৈছে।

Category