ড'নাল্ড ট্ৰাম্প বিৰুদ্ধে এৰেষ্ট ৱাৰেন্ট

ড'নাল্ড ট্ৰাম্প বিৰুদ্ধে এৰেষ্ট ৱাৰেন্ট

ড'নাল্ড ট্ৰাম্প বিৰুদ্ধে ইৰান চৰকাৰে জাৰি কৰিলে এৰেষ্ট ৱাৰেন্ট।

       পুৰণি ঘা পুনৰ সজিব কৰি উপসাগৰীয় দেশ ইৰানে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পৰ বিৰুদ্ধে জাৰি কৰিলে এৰেষ্ট ৱাৰেন্ট । শুনিবলৈ আচৰিতজনক কথাও যদিও ইৰান চৰকাৰে ট্ৰাম্পক  এৰেষ্টৰ বাবে সহায় বিচাৰিছে ইন্টৰপলৰ।ইৰানৰ অভিযোগ আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পৰ প্ৰত্যক্ষ নিৰ্দেশতে চলিত বৰ্ষৰ ৩ জানুৱাৰীত ইৰাকৰ ৰাজধানী বাগদাদত অতিথি ৰুপে থকা অৱস্থাতে   ইৰানৰ সেনা মুৰব্বী কাছিম চুলেমান সহ আন ৫ জনক ড্ৰোন আক্রমনেৰে  হত্যা কৰে । ইৰান প্ৰশাসনক  নোকোৱাকৈ বিদেশৰ মাটিত তেওঁলোকৰ সেনা প্ৰধানক পৰিকল্পিতভাবে হত্যা কৰিছে মাৰ্কিন প্ৰশাসনে।

      আনহাতে চুলেমানী হত্যাৰ পিচতে ৱাশ্বিংটনত ততাতৈয়াকৈ অনুস্থিত এক সংবাদমেলত মাৰ্কিন ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পে কয় যে বাগদাদত আমেৰিকান সেনাই কাছিম চুলেমানী নামৰ এজন আন্ত:ৰাষ্ট্ৰীয় দুধৰ্ষ সন্ত্ৰাসবাদীক হত্যা কৰা হৈছে।  ট্ৰাম্পৰ এই মন্তব্যৰ পিছতে সমগ্ৰ দেশখনতে জনতা ৰাজপথলৈ ওলাই আহি মাৰ্কিন যুক্তৰাষ্ট্ৰৰ বিৰুদ্ধে সোচ্ছাৰ হৈ ক্ষোভত ফাটি পৰে। লাখ লাখ জনতাই দেশৰ প্ৰান্তে  প্ৰান্তে  সমদল উলিয়াই মাৰ্কিন পতাকা দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে।

ড'নাল্ড ট্ৰাম্প বিৰুদ্ধে এৰেষ্ট ৱাৰেন্ট

   

      চুলেমান আছিল ইৰানী সকলৰ বাবে ৰিয়েল হিৰো। ইৰানী সেনা প্ৰধান গৰাকীৰ হত্যাৰ ৫ বছৰ সম্পূৰ্ণ নৌহওঁতেই আমেৰিকাৰ বিৰুদ্ধে পুনৰ সক্রিয় হৈ উঠে উপসাগৰীয় পৰমানু শক্তিধৰ ৰাষ্ট্ৰখন।দেশখনৰ চৰকাৰে ড'নাল্ড ট্ৰাম্প সহ আন ৩৬ গৰাকীৰ বিৰুদ্ধে জাৰি কৰে গ্ৰেপ্তাৰী পাৰোৱানা। ইৰানৰ এই সিদ্ধান্ত পিছতে দুয়ো খন দেশৰ মাজতে বৃদ্ধি পাইছে চৰম উত্তেজনা । সম্পৰ্ক অৱনমিত হোৱাৰ উপক্রম হৈছে।আন্ত:ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত এই বিষয়ক লৈ আৰম্ভ হৈছে চৰ্চা।

      ইৰানৰ এই ৱাৰেন্টতক লৈ বহুতে কৰিছে প্ৰশ্নৰ অৱতাৰণা । বহুতে এইয়া ইৰানৰ পলিটিকেল ষ্টান্ত্ৰ আখ্যা দিছে বিভিন্ন মহলে। নিজ শক্তি প্ৰতিপন্ন কৰিবলৈ  উপসাগৰীয় ৰাষ্ট্ৰখনৰ এইয়া এক কুটকৌশল বুলি আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত বিবেচিত হৈছে। এনে ক্ষেত্ৰত সকলোৱে জানে যে মহাশক্তিধৰ আমেৰিকাৰ ৰাষ্ট্ৰ প্ৰধানজনক এৰেষ্ট কৰিবলৈ কোনো কালে সম্ভৱ নোহোৱা কথা।

     ইৰানেও এই কথা জানে; তথাপিও যেন  এনেকুৱা উদ্ভত কাৰ্যৰে এতিয়া দেশখন সৰ্বত্ৰে   হাঁহিয়াতৰ পাত্ৰ হৈছে বুলি মন্তব্য কৰিছে বিভিন্ন মহলে ।

Category