বাক্সাত বনৰীয়া হাতীৰ সন্ত্ৰাস/ ভাঙিলে ঘৰ- দুৱাৰ

ভাঙিলে ঘৰ- দুৱাৰ

বাক্সাৰ ভাৰত- ভূটান সীমান্তত অব্যাহত আছে হাতী- মানুহৰ সংঘাত ৷

        খাদ্য সন্ধানত ভূটান পাহাৰৰ পৰা নামি অহা বনৰীয়া হাতীৰ সন্ত্ৰাস অব্যাহত আছে সীমান্ত অঞ্চলটোত ৷ কালি নিশা পুনৰ বনৰীয়া হাতীৰ আক্ৰমনত গৃহহাৰা হ'ল এটা  পৰিয়াল ৷ বাক্সা জিলাৰ বাতাবাৰী বনাঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত নিকাছীত  সংঘটিত হয় এই ঘটনা ৷

        ভূটান পাহাৰৰ পৰা খাদ্যৰ সন্ধানত নামি অহা এটা দতাল হাতীয়ে নিকাছীৰ দাহালপাৰাৰ  প্ৰেম বাহাদুৰ চোনাৰীৰ  ঘৰ দুৱাৰ ভাঙি পেলোৱাৰ লগতে ধান, চাউল খাই তহিলং কৰে ৷ চাৰিটা সন্তানৰ সৈতে এটা ঘৰতে বসবাস কৰা পৰিয়ালটোৰ ঘৰটো হাতীয়ে ভাঙি পেলোৱাত কিবাকে নিশা প্ৰাণতো লৈ পলাই সাৰে ৷ সম্প্ৰতি মুকলি আকাশৰ তলতে থাকিবলগীয়া হৈছে ৷

       উল্লেখ্য যে প্ৰতি বছৰে জিলাখনৰ সীমান্ত অঞ্চলত বনৰীয়া হাতীয়ে সন্ত্ৰাস চলাই বহু পৰিয়ালক গৃহহাৰা কৰিছে ৷ ইয়াৰোপৰি বহুলোক হাতীৰ আক্ৰমনত মৃত্যুক সাৱটি লোৱাৰ উপৰিও ঘুনীয়া হৈছে ৷

Category