কি উজনি কি নামনি সকলোতে এতিয়া বানৰ সংহাৰী ৰূপ

এতিয়া বানৰ সংহাৰী ৰূপ

      কভিড মহামাৰী আতংকৰ মাজতে ভুতৰ ওপৰত দানৱ পৰাৰ দৰে প্ৰলয়ংকাৰী বানে সৰ্বত্ৰে সৃষ্টি কৰিছে ভয়াৱহ বিভীষিকা। কি উজনি কি নামনি সকলোতে এতিয়া বানৰ সংহাৰী ৰুপ ।

      যোৱা ডেৰটা পষেক ধৰি মুষলধাৰা বৰষুণৰ ফলত পাহাৰৰ পৰা নামি অহা পানীৰ ঢলে ওফন্দি   পেলাইছে ব্ৰহ্মপুত্ৰ সহ বহু নৈ-উপনৈ। যাৰ বাবে নদীৰ বাঢনি পানীয়ে ডিব্ৰুগড়,তিনিচুকীয়া,লখিমপুৰ, ধেমাজী, বকো,ছয়গাঁও,পৃব শালমাৰা,দক্ষিণ নগাঁও, হোজাই,তেজপুৰ,ধুবুৰী, সহ  প্ৰায় ২৫ খন  জিলাত সৃষ্টি কৰিছে প্ৰলয়ংকাৰী বানৰ।এই বানত প্ৰভাৱিত হৈছে প্ৰায় ১৩ লাখ ১৬ হাজাৰ লোক।

       আনহাতে বানত মৃত্যু হৈছে ২৪ জনকৈ লোক।১২ খন জিলাত ২৭৩ টা আশ্ৰয় শিৱিৰত ৰখা হৈছে বানপীডিত সকলক । বানৰ কৱলত পৰা জিলা সমূহৰ প্ৰশাসনক SDRF ক সষ্টম হৈ থকাৰ মাজতে আশ্ৰয় শিৱিৰত পৰ্যাপ্ত খাদ্য যোগানৰ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰী সচিবালয়ে।

Category