গুৱাহাটীত অসম মন্ত্ৰী পৰিষদৰ বৈঠক! কি কি নতুন সিদ্ধান্ত কেবিনেটত অনুমোদন

কি কি নতুন সিদ্ধান্ত কেবিনেটত

 মুখ্যমন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱালৰ উপস্থিতিত গুৱাহাটীত অসম মন্ত্ৰী পৰিষদৰ বৈঠক।
 বৈঠকথ কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ ।

     'আত্মনিৰ্ভৰ অসম'ৰ লক্ষ্যক এক নতুন গতি প্ৰদান কৰি সিদ্ধান্ত লোৱা হয় । নতুন ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগ স্থাপনৰ ক্ষেত্ৰত তিনি বছৰৰ বাবে অনুমতিৰ প্ৰয়োজন নহ'ব।

       অসমৰ মাজেৰে আন্তঃৰাষ্ট্ৰীয় আৰু আন্তঃৰাজ্যিক বাণিজ্যক উদগনি যোগোৱাৰ বাবে যোগীঘোপাৰ অশোক কাগজ কলৰ ২০০ একৰ ভূমি International Multi Modal Logistic Park-ৰ ব্যৱহাৰৰ বাবে অনুমোদন ।

পঞ্চদশ বিত্ত আয়োগৰ অনুদান গাঁও পঞ্চায়তৰ বাবে ৭০%, আঞ্চলিক পঞ্চায়তৰ বাবে ১৫% আৰু জিলা পৰিষদৰ বাবে ১৫% অনুপাতত আৱণ্টিত হ'ব।

ক'ভিড-১৯ পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত আৰু দেশৰ অন্য প্ৰান্তৰ শৈক্ষিক বৰ্ষৰ সৈতে সমপৰ্যায়ত অসমৰো শৈক্ষিক বৰ্ষ জানুৱাৰী-ডিচেম্বৰৰপৰা এপ্ৰিল-মাৰ্চলৈ সলনি কৰাৰ সিদ্ধান্ত গ্ৰহণ ।

Category